আজি ৰাতিপুৱা নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ টিহুত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এক অনাকাংক্ষিত পথ দুৰ্ঘটনাত এগৰাকী নৱম শ্ৰেনীৰ ছাত্ৰীয়ে কৰুণ মৃত্যুক আকোৱালি লয়।
জানিব পৰা অনুসৰি, ৰাতিপুৱা স্কুটী চলাই টিউচনৰ পৰা আহি থকা সময়তে স্কুটীখন নিয়ন্ত্ৰণ হেৰুৱাই নলাত পৰে। দুচকীয়া বাহনখনৰ সৈতে নলাত বাগৰি পৰাৰ ফলতেই ছাত্ৰীগৰাকীৰ মৃত্যু হয়।
এই শোকাৱহ দুৰ্ঘটনাটোত নিহত হোৱা কিশোৰীগৰাকী ৰণাকুছিৰ হেলচাপাৰাৰ ভাস্বতী কলিতা বুলি জানিব পৰা গৈছে।
টিহুৰ শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল ভাস্বতী। অতি মেধা সম্পন্ন ছাত্ৰী গৰাকীৰ মৃত্যত এতিয়া সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিবেশে বিৰাজ কৰিছে।