হঠাতে আই চি চি ৰেংকিঙৰ পৰা নাম নোহোৱা হ’ল ভাৰতীয় ক্ৰিকেটৰ দুই তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। এদিনীয়া ৰেংকিঙত নাম নাই দুয়োজন বেটাৰৰ। কেৱল শীৰ্ষ ১০ ৰ পৰাই নহয় শীৰ্ষ ১০০ ৰ পৰাও নোহোৱা হৈছে ক্ৰিকেটাৰ দুগৰাকীৰ নাম।
যোৱা সপ্তাহত আইচিচিয়ে এদিনীয়া ৰেংকিং প্ৰকাশ কৰাৰ সময়ত ভাৰতৰ এদিনীয়া অধিনায়ক ৰোহিত শৰ্মাই পাকিস্তানৰ বাবৰ আজমক অতিক্ৰম কৰি দ্বিতীয় স্থান লাভ কৰে। এতিয়া হঠাৎ আইচিচিৰ এদিনীয়া ৰেংকিঙৰ পৰা ৰোহিত আৰু বিৰাটৰ নাম আঁতৰাই দিয়া হৈছে।
উল্লেখ্য যে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু টেষ্টৰ পৰা অৱসৰ লৈছে, কিন্তু দুয়োজনে এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ পৰা এই পৰ্যন্ত অৱসৰ ঘোষণা কৰা নাই। অৱশ্যে বহুতে ৰেংকিঙৰ পৰা বিৰাট আৰু ৰোহিতৰ নাম আঁতৰোৱাটো কাৰিকৰী দোষ হ’ব পাৰে বুলি আশংকা কৰিছে।
বেটছমেনৰ বাবে আইচিচিৰ এদিনীয়া ৰেংকিঙত প্ৰথম স্থানত আছে ভাৰতৰ শুভমন গিল। গিলৰ ৰেটিং পইণ্ট আছে ৭৮৪। দ্বিতীয় স্থানত পাকিস্তানৰ বাবৰ আজম, তিনি নম্বৰত নিউজিলেণ্ডৰ ডেৰিল মিচেল, চতুৰ্থ স্থানত শ্ৰীলংকাৰ আছলংকা আৰু পঞ্চম স্থানত আছে আয়াৰলেণ্ডৰ হেৰী ট্ৰেক্টৰ। ৭০৪ ৰেটিং পইণ্টেৰে ছয় নম্বৰত আছে ভাৰতৰ শ্ৰেয়াছ আয়াৰ।
দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজ এদিনীয়াত শীৰ্ষ বলাৰ হিচাপে পৰিগণিত হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত কেশৱ মহাৰাজে ৫টা উইকেট দখল কৰে। কেশৱ মহাৰাজে দুটা স্থান আগবাঢ়ি ৬৮৭ পইণ্টেৰে প্ৰথম স্থান দখল কৰিছে।
শ্ৰীলংকাৰ মহেশ তীক্ষাণা আৰু ভাৰতৰ কুলদীপ যাদৱে এটাকৈ স্থান হেৰুৱাইছে। তীক্ষাণা দ্বিতীয় স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে কুলদীপৰ শেহতীয়া ৰেংকিং তৃতীয়।