ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন মেচৰ মূল একাদশত স্থান লাভ কৰা নাই ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই। তেওঁৰ অনুপস্থিতিত ভাৰতক নেতৃত্ব প্ৰদান কৰিছে উপ-অধিনায়ক জশপ্ৰীত বুমৰাহে।
আজিৰ পৰা ছিডনীত আৰম্ভ হোৱা মেচখনত দুৰ্বল ফৰ্মৰ বাবে ৰোহিত শৰ্মাক দলৰ পৰা বাহিৰ কৰি দিয়া হৈছে। এই খবৰে সম্প্ৰতি ক্ৰিকেট মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এতিয়া জানো আহক ইয়াৰ পূৰ্বে কোন ভাৰতীয় অধিনায়কক মূল একাদশৰ পৰা বাহিৰ কৰা হৈছিল-
চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে ২০০৫ চনত ভাৰতীয় দলৰ অধিনায়ক সৌৰভ গাংগুলীকো দলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। চৰ্চা চলিছিল যে সেই সময়ত ভাৰতীয় দলৰ প্ৰশিক্ষক গ্ৰেগ চেপেল আৰু গাংগুলীৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছিল। এই মতভেদৰ বাবেই অধিনায়ক গাংগুলীক মূল একাদশৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। জিম্বাব’ৱে ভ্ৰমণৰ সময়ত সংঘটিত হৈছিল এই অবাঞ্চিত ঘটনা।
সৌৰভ গাংগুলীৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা শৃংখলাৰ অন্তিমখন মেচৰ পৰা বাহিৰ কৰি দিয়া হ’ল নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাক।
ধাৰাবাহিকভাৱে শোচনীয় প্ৰদৰ্শন আগবঢ়াই অহা ৰোহিত শৰ্মাক লৈ প্ৰশিক্ষক গৌতম গম্ভীৰ সন্তুষ্ট নহয় আৰু সেইবাবেই অন্তিমখন টেষ্টত তেওঁক মূল একাদশত স্থান দিয়া হোৱা নাই বুলি একাংশ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে উল্লেখ কৰিছে।
উল্লেখ্য যে, চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তিনিখন মেচত খেলিছিল ৰোহিত শৰ্মাই। এই তিনিওখন মেচতেই তেওঁৰ প্ৰদৰ্শন আছিল যথেষ্ট শোচনীয়। শৃংখলাটোত খেলা পাঁচটা ইনিংছত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১০। মেলব’ৰ্নত খেলা চতুৰ্থখন মেচৰ দুয়োটা ইনিংছত তেওঁ কৰিছিল ৩ আৰু ৪ ৰান। ইয়াৰ পিছতেই তেওঁক দলৰ পৰা বাহিৰ কৰি দিব লাগে বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছিল।