মঙলবাৰে অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমিফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ডুবাইত অনুষ্ঠিত হোৱা মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ।
ৰোহিত শৰ্মাই আই চি চিৰ আটাইকেইখন টুৰ্মামেণ্টছৰ ফাইনেলত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমগৰাকী অধিনায়কত পৰিণত হয়। এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীক।
উল্লেখ্য যে ধোনীৰ নেতৃত্বত ভাৰতে আই চি চিৰ তিনিটা গুৰুত্বপূৰ্ণ টুৰ্মামেণ্টৰ খিতাপ দখল কৰিছিল। কিন্তু ধোনীৰ নেতৃত্বত ভাৰতে আই চি চিৰ চাৰিওখন টুৰ্ণামেণ্টছৰ ফাইনেলত প্ৰৱেশ কৰিব পৰা নাছিল। ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ চনত টি-২০ বিশ্বকাপ, ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছিল।
ইফালে ৰোহিতৰ নেতৃত্বত ভাৰতে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পিছত তেওঁৰ নেতৃত্বতে ভাৰতে ২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেইবাৰো ভাৰত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়াৰ হাতত।
ইয়াৰ পিছৰ বৰ্ষ অৰ্থাত ২০২৪ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতে। এই বিশ্বকাপত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ দখল কৰে।
আই চি চিৰ চাৰিওখন টুৰ্ণামেণ্টছৰ ফাইনেলত ৰোহিত
বিশ্ব টেষ্ট চেম্পিয়নছ ট্ৰফী (২০২৩)
এদিনীয়া বিশ্বকাপ (২০২৩)
টি-২০ বিশ্বকাপ (২০২৪)
চেম্পিয়নছ ট্ৰফী (২০২৫)