এবছৰৰ ভিতৰত ভাৰতক দুটাকৈ আই চি চি ট্ৰফী উপহাৰ দিয়া ৰোহিত শৰ্মাক বিশেষ সন্মান প্ৰদান কৰিছে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে। অলপতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৰোহিত শৰ্মাৰ নামেৰে মুকলি কৰা হ’ল মুম্বাইস্থিত ৱাংখেড়ে ষ্টেডিয়ামৰ এটা ষ্টেণ্ড।
মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে আজি আয়োজন কৰা এক অনুষ্ঠানত ৰোহিত শৰ্মাৰ, তেওঁৰ পত্নী, পিতৃ-মাতৃৰ লগতে শৰদ পাৱাৰ আৰু দেৱেন্দ্ৰ ফাড়নবিশো উপস্থিত থাকে।
উল্লেখ্য যে, ইতিমধ্যে ক্ৰিকেটৰ দুটা ফৰ্মেটৰ পৰা অৱসৰ লৈছে ৰোহিত শৰ্মাই। ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত তেওঁ টি-২০ ক্ৰিকেটৰ পৰা বিদায় লৈছিল। শেহতীয়াকৈ আই পি এল চলি থকাৰ মাজতে অৰ্থাত মে’ মাহৰ আৰম্ভণিতে অনুৰাগীসকলক হতচকিত কৰি তেওঁ টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ ঘোষণা কৰে।
‘হিট মেন’ৰূপে বিশ্ব ক্ৰিকেটত পৰিচিত ৰোহিত শৰ্মাক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়াৰে পৰা কেৱল কেৱল এদিনীয়া দলত খেলাহে দেখা যাব।