বিগত পাঁচদিন ধৰি দিল্লীত নিখোজ হৈ থকা অসমৰ ডিমা হাচাওৰ ৰশ্মিতা হোজাইৰ মৃতদেহ আজি ৰহস্যজনকভাৱে উদ্ধাৰ হয়। এটা চৰকাৰী চাকৰিৰ পৰীক্ষা দিবলৈ গৈ সন্ধানহীন হৈছিল ৰশ্মিতা হোজাই।
ডিমা হাচাওৰ সোনটিলাৰ বাসিন্দা ৰশ্মিতা যোৱা ৫ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল। ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ পৰীক্ষাৰ বাবে দিল্লীলৈ গৈছিল ৰশ্মিতা।
মঙলবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ জৰিয়তে ৰশ্মিতাৰ মৃত্যুৰ কথা নিশ্চিত কৰে ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছাই।
উল্লেখ্য যে আজি উত্তৰাখণ্ডৰ গাড়ো জিলাৰ পাউৰিত গংগা নদীৰ তীৰত উদ্ধাৰ হয় ৰশ্মিতাৰ মৃতদেহ। জানিব পৰা অনুসৰি, ২৬ বছৰীয়া ৰশ্মিতাই পৰীক্ষা শেষ হোৱাৰ পিছত শিৱপুৰীত কেম্পিঙৰ বাবে পূৰ্বৰ দুই সহপাঠী হাৰিয়ানাৰ হেমন্ত শৰ্মা আৰু আন এজন বন্ধুৰ সৈতে গৈছিল।
কিন্তু সেই সময়তে ৰহস্যজনকভাৱে ৰশ্মিতা নিৰুদ্দেশ হোৱা বুলি তেওঁৰ দুই বন্ধুৱে জানিবলৈ দিয়ে। ৰশ্মিতাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই দুই বন্ধু হেমন্ত শৰ্মা আৰু পংকজ কোকাৰক আটক কৰিছে আৰক্ষীয়ে।
ইফালে এই ঘটনাৰ উচ্ত তদন্ত দাবী কৰি ডিমা হাচাওৰ কেইবাটাও দল-সংগঠনে গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে।