সোণাৰিৰ এজন বিজেপি নেতাৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খোৱা আৰ টি আই কৰ্মী দুলাল বৰাক আটক কৰিছে আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে দিল্লীৰ কীৰ্তি নগৰস্থিত কাৰলা হাস্পতালৰ পৰা আটক কৰি বৰ্তমান কীৰ্তি নগৰ থানাত সোধা-পোচা অব্যাহত ৰাখিছে।
বিজেপি নেতাগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে লিখি থৈ যোৱা এখন পত্ৰত নাম উল্লেখ আছিল দুলাল বৰাৰ লগতে আন দুগৰাকী সাংবাদিকৰ। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত ঘোষণা কৰা হৈছিল তদন্ত।
ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই তেওঁক সোধা-পোচাৰ বাবে বিচাৰিছিল যদিও ইয়াৰ কোনো সহাৰি নিদি তেওঁ দিল্লীত আত্মগোপন কৰি আছিল।
প্ৰায় বিতৰ্কত নাম সাঙোৰ খাই থকা দুলাল বৰাই আজি দিল্লীৰ কীৰ্তি নগৰস্থিত কাৰলা হাস্পতালত ভৰ্তি হ’বলৈ যোৱাৰ সময়তে তেওঁক দিল্লী ক্ৰাইম ব্ৰাঞ্চে আটক কৰে।
ইফালে জানিব পৰা অনুসৰি, দুলাল বৰাক আজিয়েই দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হ’ব আৰু ইয়াৰ পিছতেই তেওঁক অসম ট্ৰেনজিট ৰিমাণ্ডত ল’ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অসম আক্ষীৰ এটা দল দিল্লীলৈ ৰাওনা হৈছে।
উল্লেখ্য যে, সোণাৰীৰ বিজেপি নেতাগৰাকীৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতেই ঘটনাটো গুৰুত্বসহকাৰে লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ঘটনাৰ গোচৰৰ কেচ ডায়েৰী ২৩ অক্টোবৰৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিছে সোণাৰি আৰক্ষীক।
ইতিমধ্যে, এই গোচৰত অৱসৰপ্ৰাপ্ত বিডিঅ’ ৰঞ্জিত বুঢ়াগোহাঁইৰ লগতে এটা প’ৰ্টেলৰ সাংবাদিক পৰিস্মিতা ফুকনকো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰি এই গোচৰৰ আন এক অভিযুক্ত ৰফিক আহমেদ সম্প্ৰতি পলাতক। ৰফিক আহমেদ এটা নিউজ চেনেলৰ সাংবাদিক। ৰফিকৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।