ৰাছিয়াত এক বৃহৎ ভূমিকম্পৰ ফলত ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। কামচাটকা দ্বীপৰ সমীপত ৭.৮ প্ৰাবল্যৰ কম্পন অনুভূত হয়। এই প্ৰবল কঁপনিয়ে আতংকিত কৰি তুলিছে ৰাছিয়াৰ সকলো নাগৰিকক।
ছ’চিয়েল মিডিয়াত এই ভূমিকম্পৰ কেইবাটাও ভিডিঅ’ প্ৰকাশ পাইছে, য’ত দেখা গৈছে যে আচবাব, গাড়ী, লাইট আদিবোৰ ভয়ংকৰভাৱে কঁপিছে। এসপ্তাহ পূৰ্বে ৰাছিয়াত আন এক প্ৰবল ভূমিকম্প অনুভৱ কৰা হৈছিল।
কামচাটকা অঞ্চলৰ গৱৰ্ণৰ ভ্লাদিমিৰ ছ’লোডভে টেলিগ্ৰামযোগে ঘোষণা কৰে যে পূব উপকূলত চুনামীৰ ভাবুকিৰ সৃষ্টি হৈছে। তেওঁ কয় যে, স্থানীয় বাসিন্দাসকলক সতৰ্ক কৰি দিয়া হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই।
ইয়াৰ পূৰ্বেও ৰাছিয়াৰ কামচাটকা অঞ্চলত ভূমিকম্প সংঘটিত হৈছিল। ১৩ ছেপ্টেম্বৰ ৭.৪ ৰিখটাৰ স্কেলৰ এক বৃহৎ ভূমিকম্পৰ ফলত ছুনামীৰ সতৰ্কবাণীৰ জাৰি কৰা হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি, ৰাছিয়াৰ কামচাটকা অঞ্চলৰ প্ৰশাসনিক কেন্দ্ৰ পেট্ৰ’পাভলভস্ক-কামচাটস্কিৰ ১১১ কিলোমিটাৰ (৬৯ মাইল) পূবে ৩৯.৫ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হয়।
ৰাছিয়াৰ কামচাটকা অতি ভূমিকম্পৰ প্ৰৱণ অঞ্চল। এই মাহতেই কামচাটকাত তিনিটাকৈ ভূমিকম্পৰ সৃষ্টি হৈছে। ১৫ ছেপ্টেম্বৰত ৬.০ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ১৩ ছেপ্টেম্বৰত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প। জুলাই মাহতো কেইবাটাও ভূমিকম্প সংঘটিত হয়, ৩০ জুলাইত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প আৰু ২০ জুলাইত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প।