দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। পুটিনৰ এই ভ্ৰমণসূচীৰ চৰ্চা কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ই এক চৰ্চিত বিষয় হৈ পৰিছে। ৩ মাহ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু পুটিন চীনৰ এখন সন্মিলনত মিলিত হৈছিল।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এনে এক সময়ত ভাৰতলৈ আহিছে, যিটো সময়ত ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ফলতেই ভাৰতে যথেষ্ঠসংখ্যক শুল্ক দিব লগা হৈছে। ইয়াৰ পিছতো ভাৰতৰ বৰ্ধিত GDP দেখি সমগ্ৰ বিশ্বই তবধ মানিছে। কিয়নো আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা ৫০% শুল্কৰ বাবে ভাৰতৰ অৰ্থব্যৱস্থা প্ৰভাৱিত হ’ব পাৰে।
এতিয়া দুয়োখন দেশৰ অর্থনীতিৰ কথা ক’বলৈ গ’লে ৰাছিয়াৰ অর্থনীতি ভাৰতৰ আধাৰ সমান৷ এইবাৰ ভাৰতে জাপানক চেৰ পেলাই বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হয়। ভাৰতৰ মুঠ জিডিপি ৪.৩ ট্ৰিলিয়ন ডলাৰ, আনহাতে ৰাছিয়াৰ জিডিপি ২.৫৪ ট্ৰিলিয়ন ডলাৰ। বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়া নৱম স্থানত আছে।
ইতিমধ্যে ২৫ শতাংশ শুল্ক বৃদ্ধি কৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰে।
পুটিনে বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীক। প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ বাবে ব্যক্তিগতভাৱে ৰাতিৰ আহাৰৰ আয়োজন কৰিছে। এই বৈঠকৰ সময়ত শক্তি, বাণিজ্য, আৰু প্ৰতিৰক্ষাৰ সৈতে জড়িত কেইবাটাও চুক্তিত উপনীত হোৱাৰ সম্ভাৱনা আছে। বহু আন্তঃৰাষ্ট্ৰীয় বিষয়তো আলোচনা কৰিব পাৰি, যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, পাকিস্তান, চীন আৰু ইউক্ৰেইনৰ বহু নেতাই এই বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰিছে।











