২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ২০১৪ চনৰ পৰা আৰম্ভ হোৱা ৰুছ-ইউক্ৰেইন যুদ্ধৰ তীব্ৰতা বৃদ্ধি কৰে। এই আক্ৰমণত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ ডাঙৰ আৰু মাৰাত্মক সংঘাত লাখ লাখ সামৰিক হতাহতিৰ সৃষ্টি কৰিছে আৰু লাখ লাখ ইউক্ৰেইনৰ অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে।
ইফালে উইক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰে যে, ২০২৪ চনত ১৩৫৮ জন ইউক্ৰেইনৰ সৈনিক আৰু সাধাৰণ নাগৰিক ৰাছিয়াৰ বন্দীত্বৰ পৰা নিজ গৃহলৈ উভতি আহিব।
সংবাদ মাধ্যমত দিয়া এটা পোষ্টত জেলেনস্কিয়ে এই তথ্য শ্বেয়াৰ কৰাৰ লগতে ‘ইউক্ৰেইন দল’ৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে। ২০২৫ চনত অধিক ভাল খবৰ কঢ়িয়াই আনিবলৈ সকলো নিশ্চিত কৰিবলৈ তেওঁ আবেদন জনায়। লগতে সহকৰ্মীসকলক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
জেলেনস্কিয়ে কয় যে, তেওঁলোকে ২০২৪ চনত ১৩৫৮ জন লোকক ৰাছিয়াৰ বন্দীত্বৰ পৰা ইউক্ৰেইনলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। তেওঁ কয় যে এইসকল লোকৰ বাবে ইউক্ৰেইনৰ এটা বৃহৎ দলে কাম কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় সমালোচনা আৰু আৱাসিক অঞ্চলত বিমান আক্ৰমণৰ প্ৰমাণ পোৱাৰ পিছতো মস্কোৱে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো অস্বীকাৰ কৰি আহিছে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইউক্ৰেইনে পশ্চিমীয়া মিত্ৰ দেশসমূহৰ সহায়ত প্ৰতিৰক্ষা প্ৰচেষ্টা বৃদ্ধি কৰিছে। তথাপিও ৰাছিয়াৰ আক্ৰমণৰ পৰিমাণ আৰু তীব্ৰতাই স্পষ্ট কৰি দিছে যে অধিক দীৰ্ঘ দূৰত্বৰ প্ৰতিৰক্ষা ক্ষমতাৰ প্ৰয়োজন।
বিগত বৰ্ষৰ ১৯ নৱেম্বৰত সংঘাতৰ ১০০০ সংখ্যক দিন উপলক্ষে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সমাজকো ইউক্ৰেইনৰ সৈতে সংহতি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছিল। ইউক্ৰেইনৰ জনসাধাৰণৰ ওপৰত যুদ্ধৰ প্ৰভাৱৰ তথ্যও ৰাষ্ট্ৰসংঘই প্ৰদান কৰে। ইউক্ৰেইনত ৰাষ্ট্ৰসংঘৰ বাসিন্দা তথা মানৱীয় সমন্বয়ক মাথিয়াছ শ্বমালে কয় যে, ৩৯ হাজাৰতকৈও অধিক সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। এই আক্ৰমণত ৩৪০০ৰো অধিক বিদ্যালয় আৰু চিকিৎসালয় ক্ষতিগ্ৰস্ত বা ধ্বংস হোৱাৰ লগতে এক কোটি লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিছে।
শ্বমালে লগতে কয় যে, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা অসামৰিক আন্তঃগাঁথনি ধ্বংস হৈছে, স্বাস্থ্য সুবিধাসমূহতো ২০০০ৰো অধিক আক্ৰমণ হৈছে, ২০ লাখ ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ইউক্ৰেইনৰ নিজৰ শক্তি উৎপাদন ক্ষমতাৰ ৬৫ শতাংশ ধ্বংস হৈছে। ২০২৪ চনত ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে, দেশখনৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ ১ কোটি ৪৬ লাখ ইউক্ৰেইনবাসীক মানৱীয় সাহায্যৰ প্ৰয়োজন হ’ব।