কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত নতুন সফলতা লাভ কৰাৰ দাবী কৰিছে ৰাছিয়াই। ৰাছিয়াৰ ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে (FMBA) কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰিছে বুলি উল্লেখ কৰে।
এফ এম বি ডিৰ মুৰব্বী ভেৰ’নিকা স্ক্ভৰ্টছ’ভাই কয় যে ৰাছিয়াৰ এণ্টেৰ’মিক্স কেন্সাৰ ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে। এই mRNA ভিত্তিক ভেকচিনে সকলো প্ৰিক্লিনিকেল পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ ইয়াৰ সুৰক্ষা আৰু ফলপ্ৰসূতা প্ৰমাণ কৰিছে। এই ভেকচিনৰ প্ৰাৰম্ভিক লক্ষ্য হ’ব কলৰেক্টাল কেন্সাৰ (কলন কেন্সাৰ) ধ্বংস কৰা।
ৰাছিয়াৰ এক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ কৰ্কট ৰোগৰ ভেকচিনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে আৰু এফএমবিএৰ মুৰব্বী ভেৰ’নিকা স্কভৰ্টছ’ভাই ইষ্টাৰ্ণ ইকনমিক ফ’ৰাম (ইইএফ)ত এই কথা ঘোষণা কৰিছে।
তেওঁ কয় যে, প্ৰিক্লিনিকেল ট্ৰায়েলে ভেকচিনটোৰ সুৰক্ষা, বাৰে বাৰে ব্যৱহাৰ কৰাৰ পিছতো ইয়াৰ ফলপ্ৰসূতা নিশ্চিত কৰে। গৱেষকসকলে এই সময়ছোৱাত টিউমাৰৰ আকাৰ হ্ৰাস আৰু টিউমাৰৰ বৃদ্ধি হ্ৰাস পোৱা দেখা গৈছে। ইয়াৰ উপৰিও অধ্যয়নত ভেকচিনৰ বাবে ৰোগীৰ জীয়াই থকাৰ হাৰ বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে।
এই ভেকচিনৰ প্ৰাৰম্ভিক লক্ষ্য হ’ব কলৰেক্টাল কেন্সাৰ। ইয়াৰ উপৰিও গ্লিঅ’ব্লাষ্টোমা (মগজুৰ কৰ্কট ৰোগ) আৰু চকুৰ মেলানোমা (চকুৰ কৰ্কট ৰোগ)কে ধৰি নিৰ্দিষ্ট ধৰণৰ মেলানোমাৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আশাব্যঞ্জক অগ্ৰগতি লাভ কৰা হৈছে যিবোৰ বৰ্তমান উন্নত পৰ্যায়ত আছে। ৩ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ ভ্লাডিভষ্টকত অনুষ্ঠিত হয় ‘দূৰ পূব: শান্তি আৰু সমৃদ্ধিৰ বাবে সহযোগিতা’ শীৰ্ষক দশম পূব অৰ্থনৈতিক মঞ্চ। এই মঞ্চত ৭৫ খনতকৈও অধিক দেশ আৰু অঞ্চলৰ ৮৪০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে।