ৰাছিয়াৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাৰ্তা প্ৰদান কৰে ভাৰতে। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰি দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত শাস্তিমূলক শুল্ক আৰোপ কৰাৰ সময়তে অনুষ্ঠিত হোৱা এই বৈঠকে যথেষ্ট চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে, আজি মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰে জয়শংকৰে। ইয়াৰ মাজতে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য, শক্তি সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে।
এই সাক্ষাতৰ জৰিয়তে ভাৰতে পুনৰবাৰ স্পষ্ট কৰি দিলে যে ৰাছিয়া ইয়াৰ অন্যতম পুৰণি আৰু বিশ্বাসযোগ্য মিত্ৰ দেশ।
পুটিনক সাক্ষাৎ কৰাৰ পূৰ্বে জয়শংকৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰোভৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকৰ পিছতে দুয়োগৰাকী নেতাই এক সংবাদমেল অনুষ্ঠিত কৰে। আমেৰিকাই আৰোপ কৰা শুল্ক সন্দৰ্ভত জয়শংকৰক প্ৰশ্ন কৰাত তেওঁ কয় যে ভাৰতে আমেৰিকাৰ যুক্তি বুজিবলৈ অক্ষম।