৫ মাৰ্চ অৰ্থাত বুধবাৰে বদোদৰাৰ বিচিএ ষ্টেডিয়ামত ইণ্ডিয়া মাষ্টাৰ্ছ আৰু অষ্ট্ৰেলিয়া মাষ্টাৰ্ছৰ মাজত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগ টি-২০ ২০২৫ৰ নৱমখন মেচ। এই মেচখনত ইণ্ডিয়া মাষ্টাৰ্ছ দলে জয়ী হ’ব নোৱাৰিলে ‘গড অৱ ক্ৰিকেট’ হিচাপে বিখ্যাত শচীন তেণ্ডুলকাৰক সাংঘাতিক ফৰ্মত দেখা পোৱা যায়।
খেলখনৰ সময়ত তেওঁ ইনিংছ মুকলি কৰি মুঠ ৩৩টা বলৰ সন্মুখীন হয়। এই ইনিংছটোত ১৯৩.৯৪ ষ্ট্ৰাইক ৰেটত ৬৪ ৰান কৰিবলৈ সক্ষম হয়। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৭টা চাৰি আৰু চাৰিটা ছয় আহিছিল।
মাত্ৰ ২৭টা বলত তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰে। কিন্তু আনটো মূৰৰ পৰা আন বেটছমেনৰ সমৰ্থনৰ অভাৱত ভাৰতীয় দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। বিপক্ষ দলৰ বাওঁহতীয়া বলাৰ জেভিয়াৰ ড’হাৰ্টিয়ে তেওঁক পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল৷
টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত অষ্ট্ৰেলিয়া মাষ্টাৰ্ছৰ দলটোৱে ২০ অভাৰত এটা উইকেট হেৰুৱাই ২৬৯ ৰান কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰত্যুত্তৰত ইণ্ডিয়া মাষ্টাৰ্ছ নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৭৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এইদৰে ইণ্ডিয়া মাষ্টাৰ্ছে মেচখনত ৯৫ ৰানত পৰাস্ত হয়।