ছৌদি আৰৱৰ পশ্চিম অঞ্চলৰ জিজানৰ সমীপত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত ৯ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা গৈছে।
এই ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ পিছতে জেদ্দাস্থিত ভাৰতীয় কনছুলেটে ঘটনাটোৰ শোকপ্ৰকাশ কৰি ভুক্তভোগী পৰিয়াল কেইটাক সম্পূৰ্ণৰূপে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। স্থানীয় প্ৰশাসন আৰু ভুক্তভোগীৰ আত্মীয়ৰ সৈতে নিৰন্তৰ সম্পৰ্ক অব্যাহত ৰাখিছে বুলিও জনায়।
দূতাবাসে কয়, ‘আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো। অধিক সোধা-পোছাৰ বাবে এটা নিৰ্দিষ্ট হেল্পলাইন স্থাপন কৰা হৈছে।’
ইফালে ছৌদি আৰৱৰ জিজানৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ জেদ্দাত থকা ভাৰতীয় কনছুলেটৰ সৈতে কথা পাতিছে আৰু তাত থকা বিষয়াসকলে নিহতসকলৰ পৰিয়ালৰ সৈতে অহৰহ যোগাযোগত আছে।
উল্লেখ্য যে, এই পৰ্যন্ত দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।