উৎকট গৰমৰ বাবে নলবাৰীতো বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি কৰা হৈছে। অসহ্যকৰ গৰমৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে নলবাৰী জিলা প্ৰশাসনে লৈছে এই গুৰত্বপূৰ্ণ সিদ্ধান্ত।
আন আন জিলা সমূহৰ দৰে নলবাৰী জিলাতো পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান। ১২ বজাত নিম্ন বুনিয়াদী, উচ্চ বুনিয়াদী বিদ্যালয়ৰ হ’ব ছুটী। বিদ্যালয় সমূহৰ প্ৰাতঃসভা শ্ৰেণী কোঠাৰ ভিতৰতে কৰাৰ বাবে বিদ্যালয় সমূহৰ অধ্যক্ষসকলক নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনে।
নলবাৰী জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে নতুন নিয়মৰ কথা জানিব দিয়ে। উল্লেখ্য যে ২৩ ছেপ্তেম্বৰ অৰ্থাত সোমবাৰৰ পৰা এই নিয়ম সকলো চৰকাৰী তথা বেচৰকাৰী শিক্ষানুষ্ঠানত কাৰ্যকৰী হ’ব।
ইতিমধ্যে কামৰূপ(মহানগৰ), বিশ্বনাথ, শোণিতপুৰ, কাছাৰ, বজালী জিলাতো বিদ্যালয় সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কেইখন জিলাত আজিৰ পৰাই কাৰ্যকৰী হৈছে এই নিয়ম।