জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আহিছে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী হিচাপে পৰিচিত শেখৰ জ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে চি আই ডিয়ে।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰি থকা এছ আই টিয়ে এই পৰ্যন্ত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে।
স্মৰ্তব্য যে, শেখৰ জ্যোতি গোস্বামীক আজি চতুৰ্থবাৰৰ বাবে চি আই ডি কাৰ্যালয়ত জেৰা চলোৱা হৈছিল। তদুপৰি অমৃতপ্ৰভা মহন্তকো আজি চলাইছিল জেৰা। এই জেৰাৰ অন্তত দুয়োজনকে গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ অকাল মৃত্যুত অসমৰ লক্ষ লক্ষ জনতা শোকস্তব্ধ হৈ পৰাৰ লগতে অসমত চাৰি-পাঁচদিনলৈ স্তব্ধ হৈ পৰিছিল স্বাভাৱিক জনজীৱন।