আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অতি ‘ঘনিষ্ঠ’ বন্ধুৰূপে পৰিচিত ছেৰ্গিঅ’ গোৰ হ’ব ভাৰতস্থিত আমেৰিকাৰ নতুন ৰাষ্ট্ৰদূত। তদুপৰি তেওঁ দক্ষিণ আৰু মধ্য এছিয়াৰ বিশেষ দূত হিচাপেও দায়িত্ব পালন কৰিব।
বৰ্তমান হোৱাইট হাউছত প্ৰেছিডেন্সিয়েল পাৰ্ছনেল অফিচৰ সঞ্চালকৰূপে কৰ্মৰত হৈ থকা ছেৰ্গিঅ’ গোৰৰ নিযুক্তিৰ কথা ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া ছাইট ট্ৰুথৰ জৰিয়তে জনায়।
আমেৰিকাৰ এই সিদ্ধান্তক ভাৰত চৰকাৰে আদৰণি জনাইছে। অৱশ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা বিতং প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
ইফালে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক এটা অনুষ্ঠানত আমেৰিকাৰ নতুন ৰাষ্ট্ৰদূতৰ বিষয়ে সোধাত তেওঁ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি কেৱল এই বিষয়ে পঢ়া বুলিহে মন্তব্য কৰে।
উল্লেখ্য যে, ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ প্ৰায় সাত মাহৰ পিছত এই ঘোষণা কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে ভাৰতৰ বাবে এয়া এক ইতিবাচক লক্ষণ আৰু আমেৰিকাই ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিব বিচৰাটো স্পষ্ট।