ৰাজ্যজুৰি চলোৱা উচ্ছেদ অভিযানৰ পিছতেই সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ হোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই।
বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনে জাৰি কৰা নিৰ্দেশনা অনুসৰি এমাহলৈ শৃংখল চলিহাক সামাজিক মাধ্যম, সংবাদ মাধ্যম তথা সকলো ধৰণৰ দলীয় কাৰ্যসূচীৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ প্ৰদান কৰিছে।
নিৰ্দেশনাটোত উল্লেখ কৰে, ‘ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে- আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা ৮ ছেপ্তেম্বৰ ২০২৫ তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ’ল।’
নিৰ্দেশনাটোত আৰু উল্লেখ কৰে, ‘এই সময়ছোৱা আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ’ব।’
উল্লেখ্য যে, শেহতীয়াকৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই শিৱসাগৰৰ লগতে উজনি অসমৰ পৰা সন্দেহজনক নাগৰিক তথা মিঞাসকলক খেদি পঠিয়াবৰ বাবে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল।
কোনো কাৰণতে উজনি অসমত মিঞা থাকিব নোৱাৰে বুলি বাৰম্বাৰ মন্তব্য কৰি অহাৰ মাজতেই তেওঁৰ বিৰুদ্ধে সংগঠনটোৱে এইধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাত এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।