এছিয়া কাপৰ বাবে মাজত মাত্ৰ আৰু কিছু দিন। এই টুৰ্ণামেণ্টখনৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দল। বহু প্ৰতীক্ষিত এই টুৰ্মামেণ্টখন আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, এছিয়া কাপৰ বাবে উপ-অধিনায়কৰ দায়িত্ব লাভ কৰা শুভমন গিল অসুস্থ হৈ পৰিছে। মেডিকেল দলে এই কথা নিশ্চিত কৰে। এই অসুস্থতাৰ বাবেই তেওঁ দুলীপ ট্ৰফীৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে।
২৮ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া দুলীপ ট্ৰফীত শুভমন গিলক উত্তৰ মণ্ডল দলৰ নেতৃত্বৰ দায়িত্ব প্ৰদান কৰা হৈছিল।
অসুস্থতাৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া প্ৰতিগৰাকী অনুৰাগীৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে আগন্তুক এছিয়া কাপত তেওঁ খেলিব নে নাই? অৱশ্যে এই সন্দৰ্ভত প্ৰশ্নচিহ্নৰ কোনো অৱতাৰণা নাই বুলিও এক সূত্ৰই জানিব দিয়ে।
অৱশ্যে শুভমনৰ আঘাত সন্দৰ্ভত এইপৰ্যন্ত বিচিচিআইৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব সূৰ্যকুমাৰ যাদৱে। আনহাতে এবছৰৰ মূৰত টি-২০ দললৈ ঘূৰি অহা শুভমন গিলক প্ৰদান কৰা হৈছে উপ-অধিনায়কৰ দায়িত্ব।