সফলতাৰে ইংলেণ্ড ভ্ৰমণ সামৰি স্বগৃহত উপস্থিত হোৱা ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক শুভমন গিলে এইবাৰ নেতৃত্ব প্ৰদান কৰিব নৰ্থ জ’নক (উত্তৰ মণ্ডল)। ঘৰুৱা ক্ৰিকেটৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা দুলীপ ট্ৰফীত তেওঁক এইবাৰ অধিনায়কৰূপে দেখা পোৱা যাব।
২৮ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰলৈ চলিবলগীয়া দুলীপ ট্ৰফীৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে নৰ্থ জ’নৰ স্কোৱাড। স্মৰ্তব্য যে গিলৰ নেতৃত্বতে শেহতীয়াকৈ ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই পাঁচখন মেচৰ চেষ্ট শৃংখলাটো ২-২ত ড্ৰ কৰাবলৈ সক্ষম হৈছিল।
প্ৰথমবাৰৰ বাবে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিয়েই ঈৰ্ষণীয় সফলতা লাভ কৰা গিলৰ বাবে এইবাৰ দুলীপ ট্ৰফীত নৰ্থ জ’নক সফলতাৰ শিখৰলৈ লৈ যোৱাটো নতুন প্ৰত্যাহ্বান হ’ব। এই পৰ্যন্ত দুলীপ ট্ৰফীত নৰ্থ জ’নে ১৭ বাৰ চেম্পিয়ন হৈছে।
যোৱা ছিজনত ইণ্ডিয়া এ, ইণ্ডিয়া বি, ইণ্ডিয়া চি আৰু ইণ্ডিয়া ডি দলে দুলীপ ট্ৰফীত খেলিছিল যদিও এইবাৰ টুৰ্ণামেণ্টখন পুনৰ জ’নেল অৱতাৰত ঘূৰি আহিছে। যদি আমি নৰ্থ জ’নৰ দলটোলৈ চাওঁ তেন্তে ইংলেণ্ড ভ্ৰমণত এখনো মেচ খেলাৰ সুযোগ নোপোৱা অৰ্শদ্বীপ সিঙকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। এই দলৰ অংশ হ’ব অংশুল কাম্বোজ আৰু হৰ্ষিত ৰানাও।
শুভমন গিলৰ নেতৃত্বাধীন নৰ্থ জ’নে দুলীপ ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত ইষ্ট জ’নৰ বিপক্ষে খেলিব। ইষ্ট জ’নক নেতৃত্ব প্ৰদান কৰিব ঈষাণ কিষানে। ঈষাণ কিষাণৰ উপৰি দলটোত ৰিয়ান পৰাগৰ লগতে আন কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটাৰ আছে।
দুলীপ ট্ৰফীৰ বাবে উত্তৰ মণ্ডলৰ দলঃ শুভমন গিল (অধিনায়ক), শুভম খাজুৰিয়া, অংকিত কুমাৰ (উপ অধিনায়ক), আয়ুষ বাদোনি, যশ ধুল, অংকিত কালসী, নিশান্ত সিন্ধু, সাহিল লোত্ৰা, মায়ংক ডাগৰ, যুধবীৰ সিং চৰাক, অৰ্শদ্বীপ সিং, হৰ্ষিত ৰাণা, অংশুল কম্বোজ, আকিব নবী, কানহাইয়া ৱধাৱন।