অসমীয়া চিত্ৰপ্ৰেমী দৰ্শকৰ বাবে এক সুখবৰ। শ্ৰীৰঘূপতি, বিদুৰভাই,পিশাচৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে জুবিন গাৰ্গৰ 'চিকাৰ'।য’ত মূখ্য চৰিত্ৰত অবিনয় কৰিছে হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে।

বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত নিৰ্মাণ কৰা ছবি চিকাৰে ৰাজ্যৰ ছবিগৃহত ২০ ছেপ্টেম্বৰ অৰ্থাৎ আজি শুভমুক্তি লাভ কৰিব।যোৱা ২৬ আগষ্টত মহানগৰীৰ জ্যোতি চিত্ৰবনত ছবিখনৰ ট্ৰেইলাৰ আৰু এটি গীত মুক্তি কৰি দিয়া হয়।

চিকাৰে অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰাৰ লগতে, অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত কম মজুৰি, মহিলাৰ প্ৰতি অত্যাচাৰ আৰু শ্ৰমিকসকল অসহায়তাক কেন্দ্ৰ কৰি কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা দেবাংকৰ বৰগোঁহাইৰ। ছবিখনৰ প্ৰযোজনা কৰিছে চেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ।

অসমৰ লগতে লণ্ডনত কৰা হৈছে এই ছবিখনৰ দৃশ্যগ্ৰহণ। ছবিখনৰ প্ৰায় ৭০ শতাংশ শ্বুটিঙেই কৰা হৈছিল লণ্ডনত। য’ত দৰ্শকে বিচাৰি পাব কিছু নতুনত্ব।ইফালে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে বিষ্ণুজ্যোতি সন্দিকৈ আৰু বেদান্তৰ। সংগীত কৰিছে জুবিন গাৰ্গে।

আহিবলগীয়া এই নতুন অসমীয়া ছবিখনকলৈ এতিয়া আশাবাদী ছবিখনৰ প্ৰযোজক, পৰিচালকৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী।

ইফালে ছবিখনত অভিনয় কৰিছে জুবিন গাৰ্গ, আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাই, যতীন খনিকৰ, নীলা শইকীয়া, কৌশিক ভৰদ্বাজ, দেৱজিৎ দাস, সুবিল বাৰ্গ, কুশল কুমাৰ গগৈ, কৃষ্টি বৰা, লিপিকা বৰা, আদিতি গগৈ, শংখ প্ৰতীম, গুণীনৰ লগতে UK ৰ অভিনেতা পল অ' নীল, ফ্ৰান্সৰ অভিনেতা মিৰকো কুইনী আৰু মুম্বাইৰ অভিনেতা প্ৰতীক দীক্ষিতে।