এটা মুহূৰ্তৰ ভিতৰতে জীৱন সলনি হ’ল বস্তিত জীৱন অতিবাহিত কৰা এগৰাকী ছোৱালীৰ। বিশ্বৰ অন্যতম বৃহৎ বস্তি হিচাপে পৰিচিত মুম্বাইৰ ধাৰাৱীত নিজৰ বয়সতকৈ ডাঙৰ ল’ৰাৰ সৈতে ক্ৰিকেট খেলি ডাঙৰ-দীঘল হোৱা ছিমৰন শ্বেখ পৰিণত হ’ল ২০২৫ বৰ্ষৰ ওমেনছ প্ৰিমিয়াৰ লীগৰ বাবে হোৱা নিলামৰ আটাইতকৈ দামী ক্ৰিকেটাৰ।
ডব্লিউ পি এলৰ আগন্তুক ছিজনৰ বাবে আজি অনুষ্ঠিত হোৱা নিলামত গুজৰাট জায়েণ্টছ দলে শ্বেইখক ভিত্তি মূল্যতকৈ ১৯ গুণ বেছি অৰ্থাত ১ কোটি ৯০ লাখ টকাত চুক্তিবদ্ধ কৰে।
উল্লেখ্য যে, ছিমৰনে পঢ়া-শুনা এৰি ক্ৰিকেট খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰতিভাশালী ক্ৰিকেটাৰ ছিমৰনক গুজৰাটে ভিত্তি মূল্যতকৈ ১৯ গুণ বেছি মূল্যত ক্ৰয় কৰিছে।
নিলামত ছিমৰন শ্বেইখৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে দৰদাম কৰিছিল দিল্লী কেপিটেলছে। দিল্লীয়ে ১০ লাখ টকাৰে নিবিদা আৰম্ভ কৰে। এইটোৱেই আছিল ছিমৰানৰ ভিত্তি মূল্য। ইয়াৰ পিছত গুজৰাট জায়েন্টছে এই নিবিদাত যোগদান কৰে। দিল্লীয়ে ১.৮০ কোটি টকালৈ দিছিল যদিও গুজৰাটে ১.৯০ কোটি টকাৰ নিবিদা দি ছিমৰনক দলত অন্তৰ্ভুক্ত কৰে।