জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। CID কাৰ্যালয়ত হাজিৰ হোৱাৰ ক্ষন্তেক সময় পিছতেই সন্দীপনক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে চিকিসা পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে।
১৯ ছেপ্তেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত সন্দীপনো আছিল। ভাইৰেল হোৱা বহুতো ভিডিঅত সন্দীপনকো দেখা গৈছিল। এইফালে আকৌ বহুতৰে মাজত প্ৰশ্ন উত্থাপন হৈছে যে, ছিংগাপুৰৰ পৰা অহা প্ৰৱাসী অসমীয়াই আহি কি এনে বক্তব্য আগবঢ়ালে যে সন্দীপনক গ্ৰেপ্তাৰ কৰা হৈছে।
ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি হৈছে।