চাইল্ডলাইন আৰু শিশু সুৰক্ষা সমিতিৰ সৈতে যৌথ অভিযানত নুনমাটি আৰক্ষীয়ে আজি গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই ছয়জন শিশু শ্ৰমিকক উদ্ধাৰ কৰে।
আৰক্ষীয়ে উদ্ধাৰ কৰা এই শিশু শ্ৰমিকসকলক গুৱাহাটীৰ ভেটাপাৰা, বেলতলা আৰু বশিষ্ঠ অঞ্চলত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে কামত নিয়োগ কৰি ৰাখিছিল।
নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে মঠঘৰীয়া আৰু নাৰেংগী অঞ্চলৰ গেৰেজ, গাড়ী ধোৱা কেন্দ্ৰ, দোকান আদিত অভিযান চলাই শিশুসকলক সফলতাৰে উদ্ধাৰ কৰে।
শিশু সুৰক্ষা সমিতিয়ে এই গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে অবৈধভাৱে শিশু শ্ৰমিকক নিয়োগ কৰা দোষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। সম্প্ৰতি সকলো দায়বদ্ধ ব্যক্তিক চিনাক্ত কৰি তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তদন্ত অব্যাহত ৰাখিছে।










