বিদ্যুতৰ বৰ্ধিত মাচুল বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলতে বিদ্যুতৰ মাচুল অধিক বৃদ্ধি পোৱাৰ অভিযোগ তুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনকে ধৰি সাধাৰণ জনতাই ধৰ্মঘট কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।
ইয়াকে লৈ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম বিধানসভা প্ৰাংগণত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে যে, গৰমৰ দিনত মানুহে ফ্ৰীজ, AC, ফেন বেছিকৈ ব্যৱহাৰ কৰে গতিকে বিল অলপ বেছিকৈ অহাটো স্বাভাৱিক।
লগতে তেওঁ ইয়াকো কয় যে, যিসকল লোকে এই স্মাৰ্ট ইছ্যুটো আনিব, সেইসকল লোকক তেওঁ এটা কথাই অনুৰোধ কৰে যে, বিগত ৩টা বছৰৰ জুলাই মাহৰ তিনিখন বিল লৈ যাতে তেওঁলোকে তুলনা কৰি চায়।
মন্ত্ৰীগৰাকীয়ে এইদৰে কয়, ‘গৰম দিনত মানুহে অলপ ফ্ৰীজ, এচি, ফেন আদি বেছিকৈ ব্যৱহাৰ কৰে। গতিকে, গৰম দিনত বিদ্যুতৰ বিল অলপ বেছি হোৱাটো স্বাভাৱিক। কিন্তু স্মাৰ্ট মিটাৰৰ পৰা বিল বেছি হোৱা বুলি এতিয়ালৈকে প্ৰমাণ হোৱা নাই’।
মন্ত্ৰীগৰাকীয়ে সেয়ে এপ্ৰিল, মে’, জুন, জুলাই আদি ৪ টা মাহৰ বিল বিগত ৩টা বছৰৰ বিলৰ সৈতে তুলনা কৰি চাবলৈ আহ্বান জনায়।
তেওঁ কয় যে, যদিহে তেওঁক কোনোৱে দেখুৱাই দিব পাৰে যে বিল সঁচাকৈয়ে অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে, তেতিয়া হ’লে ৰাজ্য চৰকাৰে নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।