ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা বেটাৰ স্মৃতি মান্ধানাই। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ ৪০০০ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰত পৰিণত হয়। ২৮ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে এই বিশেষ কৃতিত্ব অৰ্জন কৰে।
আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৰাজকোটস্থিত সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয়। ইনিংছ মুকলি কৰিবলৈ আহি স্মৃতি মান্ধানাই ২৯টা বলত ৪১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।
এই ইনিংছটোত মান্ধানাই ছয়টা ছয় আৰু ১টা ছয় কোবায়। এই ইনিংছটোত ৪০ ৰান সংগ্ৰহ কৰাৰ লগে লগে মান্ধানাই এদিনীয়া ক্ৰিকেটত ৪০০০ ৰান সম্পূৰ্ণ কৰে।
কেৱল এয়াই নহয়, এদিনীয়াত দ্ৰুতগতিত ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ তৃতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে স্মৃতি মান্ধনা। প্ৰথম স্থানত অষ্ট্ৰেলিয়াৰ মহিলা বেটছমেন বেলিণ্ডা ক্লাৰ্কৰ নাম। যিয়ে মাত্ৰ ৮৬ ইনিংছত ৪০০০ ৰানৰ এই সংখ্যা স্পৰ্শ কৰিছিল। দ্বিতীয় স্থানত আছে মেগ লেনিং। লেনিঙে ৮৯ ইনিংছত ৪০০০ ৰান সম্পূৰ্ণ কৰিছিল। এতিয়া তৃতীয় স্থানলৈ আহিছে স্মৃতি মান্ধনা। ৯৫ ইনিংছত ৪০০০ ৰানৰ পৰিসংখ্যা অৰ্জন কৰিছে মান্ধানাই।