জন্মদাত্ৰী মাতৃক গাঁত খান্দি জীৱন্তে পুঁতিলে কুলাংগাৰ পুত্ৰই। ঘৰৰ পাছফালে গাঁত খান্দি মাতৃক পুঁতিলে পুত্ৰই। এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ ফিল’বাৰীৰ ১ নম্বৰ লাইনত। গাভৰেল লাকৰা নামৰ লোকজনে সংঘটিত কৰিলে এই কাণ্ড। বুধুনী লাকৰা নামৰ মহিলাগৰাকীক পুঁতিলে পুত্ৰই।
স্থানীয় লোকে ঘটনাৰ উমান লাভ কৰি শীঘ্ৰেই আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাতৃক গাঁতৰ পৰা উদ্ধাৰ কৰে।
ইফালে, গাঁত খান্দি উলিওৱাৰ সময়তে মাতৃয়ে সামন্য পৰিমানে উশাহ-নিশাহ লৈ আছিল। অৱশ্যে, উদ্ধাৰ কৰাৰ কিছু সময় পিছতে মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে।
বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে পুত্ৰ গাভৰেল লাকৰাক কৰায়ত্ব কৰি সোধপোচ অব্যাহত ৰাখিছে।
উল্লেখ্য যে, বিগত প্ৰায় ৮ বছৰৰ পৰা পেৰালাইচিচ ৰোগত ভুগি আছিল মহিলাগৰাকীয়ে। প্ৰায় ৮ বছৰৰ পৰাই মাতৃক সেৱা কৰি আহিছিল পুত্ৰই। হঠাৎ কিয় পুত্ৰই মাতৃক জীৱন্তে সমাধিষ্ঠ কৰিলে সেই বিষয়ক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে।