আই চি চি চেম্পিয়ননছ ট্ৰফীৰ পিছতে ভাৰতীয় ক্ৰিকেট দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব নেকি তাক লৈ আৰম্ভ হৈছে চৰ্চা। অনুৰাগীৰ মাজতে চলি থকা এই চৰ্চাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও ২০২৫ চেম্পিয়নছ ট্ৰফীৰ পিছত ৰোহিত শৰ্মাই অৱসৰ লাগে বুলি মন্তব্য কৰিছে।
উল্লেখ্য যে, ৩৭ বছৰীয়া ৰোহিত শৰ্মাই ইতিমধ্যে ২০২৪ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ জয়ী হোৱাৰ পিছত অৱসৰ ঘোষণা কৰিছিল। এতিয়া চৰ্চা আৰম্ভ হৈছে যে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’লেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিব ৰোহিত শৰ্মাই।
এদিনীয়া বিশ্বকাপৰ বাবে এতিয়াও বাকী আছে দুবছৰ। সেয়ে যুৱ ক্ৰিকেটাৰক অগ্ৰাধিকাৰ দিয়াৰ বাবে ৰোহিত শৰ্মাই নিজৰ বাট এৰি দিব বুলি বিভিন্ন মহলে আশংকা কৰিছে। নিউজ এজেন্সিৰ প্ৰতিবেদন অনুসৰি, চেম্পিয়নছ ট্ৰফীৰ পিছতেই ৰোহিত শৰ্মাৰ সৈতে অৱসৰ সন্দৰ্ভত আলোচনা কৰিব মুখ্য নিৰ্বাচনক অজিত আগাৰকাৰে।
ইফালে সৌৰভ গাংগুলীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতি কয় যে কিছু মাহ পূৰ্বে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে আই চি চিৰ খিতাপ দখল কৰিছিল আৰু ইয়াক সন্মান জনাব লাগে। তেওঁ কয়, ‘ৰোহিত শৰ্মাৰ অৱসৰক লৈ কিয় চৰ্চা চলি আছে? এই প্ৰশ্ন কিয় উত্থাপন হৈছে? কিছু মাহ পূৰ্বে তেওঁ টি-২০ বিশ্বকাপ জয়ী হৈছিল।’
সৌৰভ গাংগুলীয়ে কয়, ‘নিৰ্বাচকসকলে কি ভাবিছে মই নাজানো, কিন্তু ৰোহিত শৰ্মাই খুব ভাল খেলি আছে। নিউজিলেণ্ডতকৈ ভাৰত বহুত ভাল। ভাৰতে ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেল খেলিছিল, ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়ী হৈছিল আৰু এই চেম্পিয়নছ ট্ৰফীত এতিয়াও অপৰাজিত হৈ আছে। একেটা দলেই চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলিব।’
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতৰ সুযোগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কয় যে এই মেচত ভাৰত শক্তিশালী প্ৰতিদ্বন্দ্বী।