অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত জয়ী হৈ শৃংখলা দখল কৰি এক বিশেষ অভিলেখ গঢ়িলে দক্ষিণ আফ্ৰিকাই। আজি অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকা দলে ঘৰুৱা দল অষ্ট্ৰেলিয়াক ৮৪ ৰানত পৰাস্ত কৰে।
এই জয়ৰ লগে লগে দক্ষিণ আফ্ৰিকাই ৬ বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিকবাৰ এদিনীয়া শৃংখলা জয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাই এইপৰ্যন্ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯বাৰ এদিনীয়া শৃংখলা জয়ী হৈছে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিকবাৰ এদিনীয়া শৃংখলা দখল কৰাৰ তালিকাত দ্বিতীয় স্থানত আছে ইংলেণ্ড। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা ২১টা এদিনীয়া শৃংখলাৰ ভিতৰত ইংলেণ্ডে ৮ বাৰ শৃংখলা দখল কৰিছে। ৬টা শৃংখলা দখলৰ সৈতে এই তালিকাৰ তৃতীয় স্থানত আছে ভাৰত।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিকবাৰ এদিনীয়া শৃংখলা দখল কৰা দল
৯- দক্ষিণ আফ্ৰিকা (১৫*)
৮- ইংলেণ্ড (২১)
৬- ভাৰত (১৪)
৪- শ্ৰীলংকা (৮)
৪- পাকিস্তান (১১)
২- ৱেষ্টইণ্ডিজ (১১)
২- নিউজিলেণ্ড (১৪)
উল্লেখ্য যে এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ উৎকৃষ্ট প্ৰদৰ্শন ২০১৬-১৭ বৰ্ষৰ পৰা অব্যাহত আছে। দক্ষিণ আফ্ৰিকাৰ দলটোৱে একেৰাহে পঞ্চমটো এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে। ২০১৬-১৭ বৰ্ষৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ভূমিত এদিনীয়া শৃংখলাত জয়লাভ কৰিছে।