দক্ষিণৰ চলচ্চিত্ৰ জগতলৈ নামি আহিছে এক দুখৰ পৰিবেশ। পোহৰলৈ আহিছে জনপ্ৰিয় পৰিচালক গুৰুপ্ৰসাদৰ মৃত্যুৰ খবৰ। তেওঁৰ মৃত্যুৰ কাৰণ আত্মহত্যা বুলি জানিব পৰা গৈছে।
৫২ বছৰীয়া কানাড়া পৰিচালক তথা চলচ্চিত্ৰ নিৰ্মাতা গুৰুপ্ৰসাদে নিজৰ গৃহতেই নিজকে নি:শেষ কৰে। এই খবৰ শুনি সকলোৱে স্তম্ভিত হৈ পৰে আৰু উদ্যোগটোত শোঁকৰ জোৱাৰ উঠে। গুৰুপ্ৰসাদৰ মৃত্যুৰ খবৰে তেওঁৰ অনুৰাগীসকলৰ মাজত এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কানাড়া পৰিচালক গুৰুপ্ৰসাদৰ মৃতদেহ ঘৰৰ পৰা জহি-খহি যোৱা অৱস্থাত উদ্ধাৰ হয়। জানিব পৰা গৈছে যে, বিগত আঠ মাহ ধৰি পৰিচালকজনে এই ঘৰতে বাস কৰিছিল। ঘৰৰ পৰা অহা দুৰ্গন্ধ বিয়পাৰ অভিযোগ দিয়ে পৰিচালকজনৰ ওচৰ-চুবুৰীয়াই। তেওঁলোকৰ এই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে, গুৰুপ্ৰসাদে হয়তো কেইবাদিন পূৰ্বেই আত্মহত্যা কৰিছিল। এতিয়া তেওঁ কিয় এনেধৰণৰ ডাঙৰ পদক্ষেপ ল’লে, ইয়াৰ কাৰণ এতিয়াও প্ৰকাশ হোৱা নাই। কোৱা হৈছে যে, তেওঁ গভীৰ ঋণত আৰু আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। পৰিচালকজনে নিজৰ প্ৰাণ কাঢ়ি লোৱাৰ অন্যতম কাৰণ এইটোৱেই হ’ব পাৰে।