দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়েলে কৰা এক ঘোষণাই জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ দৰেই তেওঁ হঠাতে ঘোষণা কৰিছে যে সমগ্ৰ দেশতে সামৰিক শাসন কাৰ্যকৰী কৰা হৈছে। বিৰোধী দলক ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে।
ৰাষ্ট্ৰপতি য়ুনে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শক্তি আৰু ৰাষ্ট্ৰ বিৰোধী উপাদানৰ ভাবুকি দূৰ কৰিবলৈ উদাৰ আৰু গণতান্ত্ৰিক দক্ষিণ কোৰিয়া পুনৰ নিৰ্মাণ কৰিব বুলি কয়। জনসাধাৰণৰ স্বাধীনতা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ৰাষ্ট্ৰৰ স্থিতিশীলতা বজাই ৰখাৰ বাহিৰে আন কোনো উপায় নাছিল।
সামৰিক আইন জাৰি কৰাৰ পিছত কেনেধৰণৰ পদক্ষেপ লোৱা হ’ব সেই কথা উল্লেখ কৰা নাই ৰাষ্ট্ৰপতি চুক ইয়েলে।
ইফালে শাসকীয় পিপল পাৱাৰ পাৰ্টিৰ নেতা হান ডং-হুনে এই সিদ্ধান্তক ভুল আখ্যা দি ইয়েলক তীব্ৰ সমালোচনা কৰে। সামৰিক আইন ঘোষণাৰ বিৰোধিতা কৰি ৰাইজৰ সৈতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলিও কয়।
উল্লেখ্য যে, ২০২২ চনত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ইয়েলে বিৰোধী পক্ষৰ পৰা বিৰোধৰ সন্মুখীন হৈ আহিছে। অহা বছৰৰ বাজেট বিধেয়কক লৈ বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টি আৰু শাসকীয় পিপল পাৱাৰ পাৰ্টিৰ মাজত চলি থকা অচলাৱস্থাই আৰু অধিক উত্তেজনা বৃদ্ধি কৰিছে।
এই সন্দৰ্ভত ৰাষ্ট্ৰপতি য়ুন চুকে কয় যে ৰাষ্ট্ৰীয় বিধানসভাই ৰাজ্যখনৰ মূল কাম-কাজ, ড্ৰাগছ অপৰাধ প্ৰতিৰোধ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় বাজেট হ্ৰাস কৰিছে। ই জনসাধাৰণক অস্থিৰ কৰি তুলিছে, ৰাজ্যৰ কাম-কাজত ব্যাঘাত জন্মাইছে আৰু দেশখনক ড্ৰাগছৰ আশ্ৰয়স্থল কৰি তুলিছে।