আকাশৰ গভীৰতাত লুকাই থকা গোপন ৰহস্যবোৰে এক বেলেগ ৰোমাঞ্চৰ সৃষ্টি কৰে। আজি মহাকাশত এক বিৰল দৃশ্য দেখিবলৈ পোৱা যাব। যদি আপুনিও তৰা আৰু গ্ৰহ পৰ্যবেক্ষণ কৰি ভাল পায়, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে স্মৰণীয় হ’ব।
এইবাৰ সাতটা গ্ৰহ– মংগল, বৃহস্পতি, ইউৰেনাছ, শুক্ৰ, নেপচুন, বুধ আৰু শনিক – একেলগে দেখা যাব। এনে বিৰল দৃশ্য ২০৪০ চনৰ পিছতহে আকৌ দেখিবলৈ পোৱা যাব। ২৮ ফেব্ৰুৱাৰীত সূৰ্যাস্তৰ কিছু মিনিটৰ পিছতেই এই সাতটা গ্ৰহ একেলগে জিলিকি উঠিব।
আমাৰ সৌৰজগতৰ সকলো গ্ৰহ একে সমতলত সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে। কিন্তু প্ৰতিটো গ্ৰহৰ গতি আৰু দূৰত্ব বেলেগ। এই সকলোবোৰ গ্ৰহ যেতিয়া এটা বিশেষ কোণত আহে, তেতিয়া আমাৰ এনে লাগে যেন ইহঁত এক সৰলৰেখাত আছে, যাক গ্ৰহৰ পেৰেড বোলা হয়। যদিও বাস্তৱত এই গ্ৰহসমূহ কোটি কোটি কিলোমিটাৰ দূৰত।
এই আচৰিত জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাটো কোনো ধৰণৰ বাইনোকুলাৰ বা টেলিস্কোপ নোহোৱাকৈয়ে ৪টা গ্ৰহ- বুধ, শুক্ৰ, বৃহস্পতি আৰু মংগল গ্ৰহ দেখা পোৱা পাব। শুক্ৰ আৰু বৃহস্পতি গ্ৰহ আটাইতকৈ উজ্জ্বল হ’ব, যি চিনাক্ত কৰাটো অতি সহজ হ’ব। ৰঙা হোৱাৰ বাবে মংগল গ্ৰহৰ ৰূপ বেলেগ হ’ব। শনি গ্ৰহ দেখাটো অলপ কঠিন হ’ব। ইউৰেনাছ আৰু নেপচুন চাবলৈ টেলিস্কোপৰ প্ৰয়োজন হ’ব।