বিগত ৯ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুটচ উইলম’ৰ উভতি অহাৰ পিছত এতিয়া নাছাই পৰৱৰ্তী মহাকাশযানৰ পৰিকল্পনা কৰিছে। এই যানখন সুনীতা আৰু উইলম’ৰে আৱদ্ধ হৈ থকা বয়িং ষ্টাৰলাইনাৰতকৈ সম্পূৰ্ণ পৃথক হ’ব।
ইয়াৰ কাৰণ হ’ল- এইখনত কোনো ক্ৰু মেম্বাৰ অন্তৰ্ভুক্ত নহ’ব। এনে কৰাৰ কাৰণ মহাকাশত যাত্ৰীসকল আৱদ্ধ হৈ পৰা বুলি ধাৰণা কৰা হৈছে। এই কাৰণেই এতিয়া সফল পৰীক্ষাৰ পিছতহে ষ্টাৰলাইনাৰক ক্ৰু মিছনৰ বাবে ব্যৱহাৰ কৰা হ’ব।
বয়িং ষ্টাৰলাইনাৰৰ পূৰ্বৰ ক্ৰু মিছনত থকা কিছু সমস্যাৰ বাবে যাত্ৰীসকলে প্ৰায় ৯ মাহ মহাকাশত থাকিবলগীয়া হৈছিল। যাৰ বাবে নাছাই এতিয়া ভৱিষ্যত উৎক্ষেপণ সম্পৰ্কে তদন্ত কৰি আছে।
মেনেজাৰ ষ্টিভ ষ্টিচে কয় যে, ষ্টাৰলাইনাৰে প্ৰথমে ক্ৰু অবিহনে পৰীক্ষামূলক অৱতৰণ কৰিব, তাৰ পিছত এই যানখনক ক্ৰু মিছনৰ বাবে পুনৰ ব্যৱহাৰ কৰা হ’ব।
মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুটচ উইলম’ৰে এসপ্তাহজোৰা অভিযানত মহাকাশলৈ গৈছিল যদিও তেওঁলোকৰ অভিযান প্ৰায় ৯ মাহলৈ বৃদ্ধি পাইছিল। নাছাৰ দুয়োগৰাকী মহাকাশচাৰীয়ে তেওঁলোকৰ বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিজুতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ৯ মাহৰ পিছত উভতি আহিছে।
নাছাৰ বিষয়াসকলে জনোৱা অনুসৰি, উৎক্ষেপণৰ পিছত বয়িং ষ্টাৰলাইনাৰত হিলিয়াম লিক হৈছিল, আৰু ইয়াৰ বহু থ্ৰাষ্টাৰো ক্ষতিগ্ৰস্ত হৈছিল। দোষৰ মাজতো ই মহাকাশচাৰীসকলক মহাকাশলৈ লৈ যাবলৈ সক্ষম হৈছিল।
ষ্টিচে কয় যে, যদি এই অভিযান সফল হয় তেন্তে নাছাই মহাকাশযানখনক আই এছ এছলৈ অহা-যোৱা কৰা নিয়মীয়া অভিযান সম্পন্ন কৰিবলৈ প্ৰমাণপত্ৰ দিব পাৰিব। নাছাই মূলতঃ স্পেচএক্সৰ ড্ৰেগন মহাকাশযান ব্যৱহাৰ কৰি আই এছ এছলৈ ক্ৰু আৰু সামগ্ৰী কঢ়িয়ায়।