বুধবাৰে গভীৰ নিশা লোকসভাত গৃহীত হোৱা ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন জনোৱা নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে বিসম্বাদ। দলটোৰ কেইবাজনো মুছলমান নেতাৰ মাজত দেখা গৈছে অসন্তুষ্টি।
জে ডি ইউৰ এমএলচি গুলাম গাউছ আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গুলাম ৰছুল বালিয়াভিয়েও অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ মাজতে দলটোৰ নেতা তথা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মহম্মদ কাছিমে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দলৰ পৰা পদত্যাগ কৰাৰ খবৰ আহিছে।
মহম্মদ কাছিমে জে ডি ইউৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। দলে ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন আগবঢ়োৱাৰ বাবে পদত্যাগ কৰা বুলি কাছিমে জানিব দিয়ে।
এয়া আৰম্ভণি যদিও অনাগত দিনত আৰু অসন্তুষ্ট মুছলমান নেতাই দল ত্যাগ কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি, গুলাম ৰছুল বালিয়াভিয়েও দল ত্যাগ কৰিব পাৰে। মুছলমান নেতাসকলক মুছলমান সংগঠন সমূহে হেচা প্ৰয়োগ কৰাৰ বাবেই পৰৱৰ্তী সময়ত আৰু অধিক নেতাই দল ত্যাগ কৰিব বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে।