ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক লেহেমীয়া অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হৈছে। আই পি এল ২০২৫ত শ্ল’ অ’ভাৰ ৰেটৰ দোষী সাব্যস্ত হোৱা দ্বিতীয়জন অধিনায়ক ৰিয়ান পৰাগ।
ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াকো একেধৰণৰ জৰিমনা বিহা হৈছে। ৰাজস্থানে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৬ ৰাণত জয়লাভ কৰাৰ পিছত ইয়াৰ অধিনায়ক ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমনা বিহা হয়।
আই পি এলৰ এক প্ৰেছ বিজ্ঞপ্তিযোগে কোৱা হৈছে যে, যিহেতু এয়া ৰিয়ান পৰাগৰ দলৰ শ্ল’ অ’ভাৰ ৰেটৰ সৈতে জড়িত প্ৰথমটো ভুল, যাৰ বাবে তেওঁৰ আই পি এলৰ আচৰণ বিধিৰ ২.২২ ধাৰাত তেওঁক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।
ৰিয়ান পৰাগৰ পূৰ্বে আই পি এল ২০২৫ত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা মেচখনত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াকো জৰিমনা বিহা হৈছে। সেই নিষেধাজ্ঞাও তেওঁৰ ওপৰত লেহেমীয়া অভাৰ ৰেটৰ বাবে জাৰি কৰা হৈছিল। আচলতে যদি কোনো অধিনায়কক এটা ছিজনত তিনিবাৰকৈ শ্ল’ অ’ভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হয়, তেন্তে তেওঁক এখন মেচৰ বাবে নিষিদ্ধ কৰা হয়।
৩০ মাৰ্চৰ মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অধিনায়কত্ব আৰু বেটিং দুয়োটাতে ৰিয়ানে ভাল প্ৰদৰ্শন কৰিছিল।বেটিং কৰাৰ সময়ত তেওঁ ২৮টা বলত ৩৭ ৰানৰ অতুলনীয় ইনিংছও খেলিছিল।
ৰাজস্থানে ৬ ৰানত জয়লাভ কৰা এই মেচখনত প্ৰথমে বেটিং কৰি ৰাজস্থানে ২০ অভাৰত ৯ উইকেটত ১৮২ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত চেন্নাই ছুপাৰ কিংছৰ লক্ষ্যৰ পৰা ৬ ৰান কম হয়। ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত মাত্ৰ ১৭৬ ৰানহে কৰে।