আজিৰ পৰা ইংলেণ্ডৰ লৰ্ডছত আৰম্ভ হৈছে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। এই মেচখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাই বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্মানীয় প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন প্ৰথমবাৰৰ বাবে লৰ্ডছত অনুষ্ঠিত হৈছে।
এই মেচখনৰ সময়তে ষ্টিভ স্মিথে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক ডাঙৰ কৃতিত্বৰ অধিকাৰী হয়। আই চি চি পুৰষ টুৰ্ণামেণ্টত সৰ্বাধিকবাৰ ফাইনেল খেলা অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ হিচাপে ৰিকি পণ্টিঙক স্পৰ্শ কৰে স্মিথে।
ৰিকি পণ্টিঙে ৬ বাৰ আই চি চি টুৰ্ণামেণ্টৰ ফাইনেল খেলাৰ বিপৰীতে ষ্টিভ স্মিথেও এই পৰ্যন্ত ৬ খন ফাইনেলত অংশ লৈছে। ফাইনেল খেলি স্মিথে চাৰিবাৰ আৰু পণ্টিঙে ৫ বাৰ চেম্পিয়ন হৈছে।
এই দুগৰাকী খেলুৱৈৰ উপৰি সৰ্বাধিকবাৰ ফাইনেল খেলা আন কেইগৰাকী অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ হৈছে মিচেল ষ্টাৰ্ক, ডেভিড ৱাৰ্নাৰ, শ্বেন ৱাটছন, আৰু গ্লেন মেকগ্ৰাথ।
অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিকবাৰ ICC পুৰুষ টুৰ্ণামেণ্টৰ ফাইনেল খেলা ক্ৰিকেটাৰ
ৰিকি পণ্টিং- ৬ বাৰ ফাইনেল – (৫ বাৰ বিজয়)
ষ্টিভ স্মিথ- ৬ বাৰ ফাইনেল – (৪ বাৰ বিজয়)
মিচেল ষ্টাৰ্ক- ৫ বাৰ ফাইনেল – (৪ বাৰ বিজয়)
ডেভিড ৱাৰ্নাৰ- ৫ বাৰ ফাইনেল – (৪ বাৰ বিজয়)
শ্বেন ৱাটছন- ৫ বাৰ ফাইনেল – (৪ বাৰ বিজয়)
গ্লেন মেকগ্ৰাথ- ৫ বাৰ ফাইনেল – (৪ বাৰ বিজয়)