চাপ হৈছে জীৱনৰ এক স্বাভাৱিক অংশ।ভাগৰুৱা জীৱনত আমাক বিভিন্ন সময়ত শাৰীৰিক তথা মানসিক চাপে আগুৰি ৰাখে।চাপ নিয়ন্ত্ৰণ কৰিবলৈ আমি এইকেইটা কাম কৰা উচিত-
- ডিভাইচৰ পৰা দহৰ পৰা পোন্ধৰ মিনিটৰ বাবে আঁতৰি থাকি আৰু অলপ নিজৰ লগত সময় কটাব লাগে। ইয়ে চাপ হ্ৰাস কৰে, কিয়নো ই আমাক ডিজিটেল পৃথিৱীৰ বিভ্ৰান্তিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
- প্ৰচুৰ পৰিমানে পানী খাব লাগে। লগতে স্বাস্থ্যকৰ খাদ্যও খাব লাগে, যেনে- বাদাম বা ফল। নিজকে হাইড্ৰেটেড ৰাখিব লাগে, যিয়ে আমাৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে, বিশেষকৈ আমি যেতিয়া চাপত ভুগো। পুষ্টিদায়ক খাদ্যই স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু যিয়ে আমাৰ মনোভাৱ উন্নত কৰাৰ লগতে আমাক উদ্যমী কৰি তোলে।
- যেতিয়াই আমি চাপ অনুভৱ কৰো, পাতল সংগীত শুনিব লাগে। বহুতো অধ্যয়নত উল্লেখ কৰা হৈছে যে, সংগীতে চাপৰ স্তৰ হ্ৰাস কৰে আৰু সংগীত শুনিলে চাপৰ কাৰণবোৰৰ পৰা মনোযোগ বিচলিত হয়।
- আৰামেৰে বহি নিজৰ কামত মনোযোগ দিয়া উচিত আৰু বিচাৰ নকৰাকৈ নিজৰ চিন্তাবোৰ লক্ষ্য কৰা উচিত। অলপ সময়ৰ ভিতৰতে আমি চাপৰ পৰা ৰক্ষা পাব পাৰো।
- জগিং, ষ্ট্ৰেচিং বা যোগ কৰা উচিত। যদি আমি দিনে কমেও ১০ ৰ পৰা ১৫ মিনিটৰ বাবে জগিং কৰো, তেতিয়া আমি চাপমুক্ত হ’ব পাৰো। ব্যায়ামে এণ্ডোৰ্ফিন মুকলি কৰে, যি সাধাৰণতে আমাৰ মনোভাৱ উন্নত কৰাত সহায় কৰে আৰু ই আমাৰ মন সক্ৰিয় ৰখাৰ বাবে দায়বদ্ধ।