পশ্চিম ৰাজাপুখুৰী বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সংঘটিত বয় এক চাঞ্চল্যকৰ ঘটনা।বিদ্যালয় ছুটিৰ পিছতেই প্ৰহাৰ কৰে প্ৰধান শিক্ষকক।ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে প্ৰধান শিক্ষকক।
দৰঙৰ পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম ৰাজাপুখুৰী বাগিচা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদত কৰ্মৰত হৈ আছিল আবু বক্কৰ ছিদ্দিক। পিছে বিদ্যালয় ছুটি দি ঘৰলৈ যাবৰ সময়তে এগৰাকী দুৰ্বৃত্তই বাঁহৰ চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে প্ৰধান শিক্ষক গৰাকীক।
তাৰপিছত তেওঁক ৰাইজে ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দলগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম ৰাজাপুখুৰী বাগিচা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হোৱা এই জঘন্য ঘটনাক লৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজৰ লগতে সচেতন মহলে।
উক্ত জঘন্য কাণ্ড সংঘটিত কৰা ঈদ্দিছ আলীক পানবাৰী আৰক্ষী আটক কৰি লৈ যোৱা বুলি জানিব পৰা যায়।