গুৰু পূৰ্ণিমাৰ দিনটোতেই হাৰিয়ানাৰ হিছাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ইয়াৰ এখন স্থানীয় বিদ্যালয়ৰ অধ্যক্ষই শিক্ষাৰ্থীসকলক চুলি কাটি বিদ্যালয়লৈ আহিবলৈ কোৱাৰ বাবেই দুজন ছাত্ৰই অধ্যক্ষগৰাকীক নৃশংসভাৱে হত্যা কৰে।
ঘটনা সন্দৰ্ভত হাঁচিৰ আৰক্ষী অধীক্ষক অমিত যশবৰ্ধনে কয়, ‘নাৰনৌন্দ চহৰৰ বাছ গাঁওস্থিত কৰতাৰ মেমোৰিয়েল বিদ্যালয়ৰ দুজন ছাত্ৰই নিজৰেই বিদ্যালয়খনৰ অধ্যক্ষক চুৰিৰে হানি খুচি নিৰ্মমভাৱে হত্যা কৰে’।
তেওঁ লগতে কয়, ‘অধ্যক্ষগৰাকীয়ে ছাত্ৰসকলক চুলি কাটি বিদ্যালয়লৈ আহিবলৈ কোৱাৰ লগতে অনুশাসন তথা নিয়মানুৱৰ্তিতা বজাই ৰাখিবলৈ কৈছিল। অধ্যক্ষগৰাকীৰ এই কথাত ক্ষুন্ন হৈ দুজন ছাত্ৰই নিৰ্মমভাৱে হত্যা কৰে অধ্যক্ষগৰাকীক। অধ্যক্ষগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ঘটনাৰ তদন্ত আৰম্ভ হৈছে।’
উল্লেখ্য যে, সাধাৰণ কথাক লৈয়ে নাবালক ছাত্ৰই কৰা এই নৃশংস কাণ্ডক সহজভাৱে ল’ব পৰা নাই সচেতন মহলে। তদুপৰি নৱপ্ৰজন্মৰ মাজত যে সাংঘাতিকভাৱে মানসিক স্খলন ঘটিছে সেয়াও স্পষ্ট হৈ পৰিছে হাৰিয়ানত সংঘটিত এই নৃশংস ঘটনাটোৰ পৰা।