দিল্লীৰ সুৰা কেলেংকাৰিৰ অভিযুক্ত তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিছে। আবকাৰী নীতি গোচৰৰ সৈতে জড়িত দুৰ্নীতি আৰু ধন সৰবৰাহৰ গোচৰত জামিনৰ চৰ্ত সলনি কৰাৰ দাবীত অনুমোদন জনাইছে উচ্চতম ন্যায়ালয়ে।
যাৰ বাবে মনিষ ছিছ’দিয়াই সপ্তাহত দুবাৰকৈ থানাত উপস্থিত হোৱাৰ প্ৰয়োজন নহ’ব। অৱশ্যে আদালতে ছিছ’দিয়াক নিয়মীয়াকৈ বিচাৰত উপস্থিত থাকিবলৈ পৰামৰ্শ দিছে আদালতে। ৰেহাই পোৱাৰ পিছতেই ছিছ’দিয়াই উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাইছে।
জামিনত শিথিলতা পোৱাৰ পিছত সামাজিক মাধ্যমত ছিছ’ডিয়াই লিখিছে যে, এই সিদ্ধান্তই ন্যায়পালিকাৰ প্ৰতি তেওঁৰ বিশ্বাস আৰু অধিক শক্তিশালী কৰাই নহয়, সাংবিধানিক মূল্যবোধৰ শক্তিও প্ৰতিফলিত কৰে। লগতে ন্যায়পালিকা আৰু সংবিধানৰ প্ৰতি থকা কৰ্তব্যক তেওঁ সদায় সন্মান কৰিব বুলিও জনায়।
আদালতৰ সিদ্ধান্তৰ পূৰ্বে ছিছ’ডিয়াই প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে পুৱা থানাত উপস্থিত হ’বলগীয়া হৈছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৪ চনৰ আগষ্ট মাহলৈকে কাৰাগাৰত আছিল ছিছ’ডিয়া।