অসমৰ গোৱালপাৰা জিলাৰ মাটিয়া ডিটেনচন কেম্পত বন্দী হৈ থকা ২৭০ জন অবৈধ বাংলাদেশী নাগৰিকক বিতাড়নৰ বিষয়ত মঙলবাৰে কঠোৰ স্থিতি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। পূৰ্বৰ নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে আদালতে। শুনানিৰ সময়ত আদালতে বিদেশী বিতাড়নৰ বাবে ২১ মাৰ্চৰ সময়সীমা বান্ধি দিয়ে আৰু অতিৰিক্ত সময় দিয়া নহ’ব বুলিও স্পষ্ট কৰি দিয়ে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে এই বিষয়ত আলোচনা চলি আছে আৰু অতিৰিক্ত সময়ৰ প্ৰয়োজন। ন্যায়াধীশ অভয় ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে চলিচিটৰ জেনেৰেলৰ আবেদনৰ শুনানি স্থগিত ৰাখে।
ইয়াৰ পূৰ্বে বিচাৰপীঠে কয় যে বিদেশী বিতাড়নৰ বিষয়টো সৰ্বোচ্চ পৰ্যায়ত চোৱাচিতা কৰি থকা হৈছে আৰু সম্ভৱ হ’লে এই সন্দৰ্ভত চৰকাৰী সিদ্ধান্ত চৰকাৰে ৰেকৰ্ডত ৰাখিব লাগে।
ইয়াৰ পূৰ্বেও ৪ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক তিৰস্কাৰ কৰি কৈছিল যে বিদেশীক বিতাড়ন কৰাৰ পৰিৱৰ্তে তেওঁলোকক অনিৰ্দিষ্টকালৰ বাবে ডিটেনচন কেম্পত আটক কৰি ৰাখিছে। এই লোকসকলক উভতাই পঠিয়াবলৈ কোনো ‘শুভ সময়’লৈ অপেক্ষা কৰি আছে নেকি বুলি চৰকাৰক প্ৰশ্ন কৰিছিল আদালতে।
অসম চৰকাৰে তথ্য লুকুৱাই ৰখা বুলি উল্লেখ কৰি বন্দীসকলক বিদেশী বুলি নিশ্চিত হোৱাৰ লগে লগে বিতাড়ন কৰিব লাগে বুলিও বিচাৰপীঠখনে উল্লেখ কৰিছিল।