ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা উৎসৱ। সমগ্ৰ অসমতে পাঁচ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই উৎসৱত বিভিন্ন বিভাগৰ বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য কেন্দ্র সমূহৰ আভ্যন্তৰীণ তথা বহিঃমূল্যায়ন কৰি থকা হৈছে।
এই অনুষ্ঠানৰ অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচং ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত বহিঃমূল্যায়নকাৰী বিষয়াৰূপে উপস্থিত থাকে কাৰ্বি আংলঙৰ বিভাগীয় বন বিষয়া বিবিছন টকবি।
চিকিৎসালয়খনৰ বিভিন্ন দিশ পৰিদৰ্শন কৰি তেওঁ ৰাইজক গুণগত স্বাস্থ্য সেৱা প্রদান কৰাৰ বাবে জিলাখনৰ স্বাস্থ্য কৰ্মী সকলক অধিক উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে জিলাখনৰ এখন মহকুমা অসামৰিক চিকিৎসালয়, দুখন সামূহিক স্বাস্থ্য কেন্দ্র, ১৮ খন প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৫ খন আয়ুস্মান আৰোগ্য মন্দিৰকে সামৰি সৰ্বমুঠ ২৬ খন স্বাস্থ্য কেন্দ্রত এই স্বাস্থ্য সেৱা উৎসৱ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰি থকা হৈছে।













