বিশ্বকাপ জয়ৰ প্ৰায় পাঁচ দিনৰ মূৰত ট্ৰফীৰ সৈতে নিজ দেশত উপস্থিত হৈছে টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দলটো। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ট্ৰফীৰ সৈতে ভাৰতীয় দলটোৱে অৱতৰণ কৰাৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল।
উল্লেখ্য যে, শ্বাহৰুদ্ধকৰ মেচত দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি প্ৰায় ১৭ বছৰৰ মূৰত টি-২০ বিশ্বকাপ দখল কৰিছিল ভাৰতীয় দলে। ফাইনেল মেচখনৰ পিছৰে পৰা ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোজত প্ৰকৃতিয়ে লৈছিল ভয়ংকৰ ৰূপ। ধুমুহা-বৰষুণৰ বাবে জনজীৱন স্তব্ধ হৈ পৰাৰ লগতে বন্ধ হৈ পৰিছিল বিমানবন্দৰ। যাৰ বাবে ভাৰতীয় দলটোৱে প্ৰায় চাৰিদিন বাৰ্বাডোজৰ হোটেলতে আৱদ্ধ হৈ আছিল।
কিন্তু বুধবাৰে এখন বিশেষ চাৰ্টাৰ্ড বিমানেৰে ভাৰতীয় দলটোক নিজ দেশলৈ ওভতাই অনা হয় আৰু ইয়াৰ লগে লগে অনুৰাগীসকলৰ মাজত আৰম্ভ হয় ব্যাপক আনন্দ-উচাহ।
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আই চি চিৰ কোনো ডাঙৰ ইভেণ্ট জয়ী হোৱা ভাৰতীয় দলটোক সন্মান জনোৱাৰ অৰ্থে আজিৰ দিনটোত বি চি চি আই তৰফৰ পৰা আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী।
আজিৰ দিনটোৰ বিশ্ব চেম্পিয়ন ভাৰতীয় দলৰ সম্পূৰ্ণ কাৰ্যসূচী
ভাৰতীয় দলটোৱে এয়াৰ ইণ্ডিয়াৰ ‘২৪ বিশ্বকাপ চেম্পিয়ন ভাৰত’ নামৰ এখন বিশেষ চাৰ্টাৰ্ড বিমানেৰে আজি ৰাতিপুৱা ৬.২০ মিনিটত ৰাজধানী দিল্লীত অৱতৰণ কৰে। দীঘলীয়া যাত্ৰা কৰাৰ বাবে দলটোৱে কিছু সময় দিল্লীৰ আই টি চি মৌৰ্য্য হোটেলত বিশ্ৰাম কৰি ১১ বজাত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত কৰিব।
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত কৰাৰ পিছত বিশ্বকাপ জয়ী খেলুৱৈসকলে বিয়লি ৪ বজাত আৰ্থিক ৰাজধানী মুম্বাইলৈ ৰাওনা হ’ব। মুম্বাইত বিয়লি ৫ বজাৰ পৰা ৭ বজালৈ মুকলি বাছেৰে বিজয় ৰেলীত অংশ ল’ব ভাৰতীয় দলটো।
ইয়াৰ পিছতে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত প্ৰায় আধা ঘণ্টাজোৰা এক অভিনন্দন কাৰ্যসূচীৰো আয়োজন কৰা হ’ব। এই অনুষ্ঠানতে ভাৰতীয় দলটোক বি চি চি আইৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব ১২৫ কোটি টকাৰ ধনৰাশি।