তামিলনাডু আৰু পুডুচেৰী উপকূলত ঘূৰ্ণীবতাহ ফেংগালে প্ৰৱেশ কৰাৰ পাছতে আৰম্ভ হৈছে প্ৰচণ্ড বতাহ-বৰষুণ। ঘণ্টাত প্ৰায় ৯০ কিলোমিটাৰ বেগত পুডুচেৰী আৰু তামিলনাডুৰ উপকূলত ফেংগাল নামৰ ঘূৰ্ণীবতাহে বিস্তৰ ক্ষতি সাধন কৰে।
ইয়াৰ বাবে পুডুচেৰী, কৰ্ণাটক আৰু দক্ষিণ অন্ধ্ৰপ্ৰদেশৰ লগতে তামিলনাডুতো ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। পূৰ্বাভাস অনুসৰি, অহা ৩ ডিচেম্বৰ পৰ্যন্ত বিভিন্ন অঞ্চলত বৰষুণৰো সম্ভাৱনা আছে। কিন্তু ঘূৰ্ণীবতাহৰ বাবে কোনো ডাঙৰ ক্ষতি হোৱা নাই বাবে তামিলনাডু আৰু পুডুচেৰীয়ে সকাহৰ হুমুনিয়াহ কাঢ়িছে।
তামিলনাডু আৰু পুডুচেৰীৰ উপৰি অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ, চিত্তুৰ, বিশাখাপট্টনম আৰু তিৰুপতিৰো অধিকাংশ ঠাইত ক্ষতিসাধন হৈছে। ইয়াতো বৰষুণ দি আছে। ইয়াৰ উপৰি ঘণ্টাত ৫০-৬০ কিলোমিটাৰ বেগেৰেও প্ৰচণ্ড বতাহ বলিছে।
শনিবাৰে নিশা প্ৰায় ১০:৩০ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত পুডুচেৰীৰ সমীপৰ উপকূল অতিক্ৰম কৰি ঘূৰ্ণীবতাহৰ ফেংগালে প্ৰতি ঘণ্টাত ৯০ কিলোমিটাৰ বেগত প্ৰৱেশ কৰে। যাৰ বাবে ইয়াৰ উপকূলীয় অঞ্চলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে জীৱন-যাত্ৰা।
তামিলনাডুৰ উপকূলীয় জিলা, পুডুচেৰী, আৰু অন্ধ্ৰ প্ৰদেশৰ কিছু অংশত প্ৰচণ্ড বৰষুণ আৰু ধুমুহা অহা পৰিলক্ষিত হৈছে। উল্লেখ্য যে শনিবাৰে নিশাৰ পৰা প্ৰচণ্ড বৰষুণৰ বাবে বন্ধ হৈ পৰিছিল চেন্নাই বিমানবন্দৰৰ পৰা বিমানসেৱা।
ইতিমধ্যে ফেংগালে তামিলনাডুৰ কেইবাখনো জিলাৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ঘোষণা কৰি ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে।
ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইৰ ৰে’ল সেৱাতো প্ৰভাৱ পৰিছে আৰু দক্ষিণ ৰে’লৱে’ই সেৱাৰো পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। ফেংগাল ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত চেংগালপট্টু জিলাৰ কল্পকামৰ সমীপৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।