পাৰ্থত ভাৰতৰ হাতত প্ৰথমখন টেষ্টত পৰাস্ত হোৱাৰ পিছত এতিয়া এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ প্ৰস্তুতিত ব্যস্ত অষ্ট্ৰেলিয়া। কিন্তু তাৰ আগতে এটা ডাঙৰ উন্নয়ন হৈছে। অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ নতুন চিইঅ’ও নিযুক্তি দিয়া হৈছে।
অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ নতুন চিইঅ’ হিচাপে নিযুক্তি দিয়া হৈছে টড গ্ৰীনবাৰ্গক। এই পদত তেওঁ নিক হকলিৰ ঠাই ল’ব, যাৰ কাৰ্যকাল গ্ৰীষ্মৰ শেষত শেষ হ’ব। অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ পৰৱৰ্তী চিইঅ’ হোৱাৰ দৌৰত গ্ৰীণবাৰ্গৰ নাম আগবাঢ়ি আছিল আৰু আশা কৰা মতে তেওঁৰ নামটোও আনুষ্ঠানিকভাৱে অনুমোদিত হ’ল।
টড গ্ৰীনবাৰ্গ গ্ৰেড এগৰাকী যোগ্য ক্ৰিকেটাৰো আছিল, যাৰ বাবে খেলুৱৈসকলৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে। ইয়াৰ উপৰিও অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ চিইঅ’ হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ নেশ্যনেল ৰাগবী লীগৰ দায়িত্বও গ্ৰহণ কৰিছিল। গ্ৰীণবাৰ্গৰ এই পটভূমিয়েও তেওঁক ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চিইঅ’ হোৱাত সহায় কৰিছে। পৰিচালনা, সম্প্ৰচাৰ অংশীদাৰ আৰু পৃষ্ঠপোষকতাৰ ক্ষেত্ৰতো তেওঁৰ ভাল অভিজ্ঞতা আছে।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চিইঅ’ হিচাপে নতুন ভূমিকাক লৈ অতিশয় উৎসাহিত বুলি কয় গ্ৰীনবাৰ্গে। তেওঁ কয় যে, তেওঁ অত্যন্ত সুখী যে তেওঁ অষ্ট্ৰেলিয়া ক্ৰিকেটক অধিক উচ্চতালৈ লৈ যোৱাৰ এই সুযোগ পাইছে। তেওঁ কয় যে, ক্ৰিকেট এনে এখন খেল যাৰ লগত মই সৰুৰে পৰা জড়িত হৈ আছে।
গ্ৰীণবাৰ্গে লগতে কয় যে, এয়া ক্ৰিকেটৰ বাবে এক ৰোমাঞ্চকৰ সময়। এই খেলখন সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত হৈ আছে। নতুন নতুন প্ৰতিভাৰো সৃষ্টি হছে। এনে পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটক শিখৰত ৰখাৰ প্ৰত্যাহ্বানও সকলোৰে সন্মুখত আছে।তেওঁ অষ্ট্ৰেলিয়ান ক্ৰিকেট সন্থাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ক্ৰিকেটৰ উন্নতিৰ বাবে একেলগে কাম কৰাৰ আস্থা প্ৰকাশ কৰিছে।