বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ১-২ গ’লত পিছ পৰি ৰয় টীম ইণ্ডিয়া। এই চলিত বৰ্ষতো টেষ্ট ফৰ্মেটত ভাৰতীয় দলৰ বাবে অতি শোচনীয় আছিল। ৰোহিতৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে বছৰ বছৰ পিছত নিজৰ লজ্জাজনক অভিলেখৰ পুনৰাবৃত্তি কৰে। বিদেশৰ মাটিৰ লগতে ঘৰুৱা ক্ষেত্ৰতো দলটোৱে পৰাজয়ৰ সন্মুখীন হৈছে।
২০২৪ বৰ্ষটো টীম ইণ্ডিয়াৰ বাবে উত্থান-পতনেৰে ভৰ-পূৰ আছিল। এফালে ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপত শক্তিশালী প্ৰদৰ্শন দেখুৱাই ১৭ বছৰৰ পাছত খিতাপ দখল কৰে। একে সময়তে দলটোৱে এদিনীয়া আৰু টেষ্ট ফৰ্মেটত বিশেষ একো সফলতা অৰ্জন কৰিব নোৱাৰে।
টীম ইণ্ডিয়াই এইবাৰ ৩খন এদিনীয়া মেচ খেলিছে আৰু এখনো মেচতো জয়ী হ’ব পৰা নাছিল।
২০২৪-২৫ বৰ্ষৰ ছিজনটো এতিয়ালৈকে টীম ইণ্ডিয়াৰ বাবে অতি শোচনীয় আছিল। ভাৰতীয় দলটোৱে এই টেষ্ট ছিজনৰ আৰম্ভণিতে বাংলাদেশৰ বিৰুদ্ধে ২খন মেচৰ খেলিছিল। এই শৃংখলাত ২-০ গ’লত জয়লাভ কৰিছিল টীম ইণ্ডিয়াই।
কিন্তু ইয়াৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা ৩ মেচৰ টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই ক্লীন ছুইপৰ সন্মুখীন হ’বলগীয়া হৈছিল। নিউজিলেণ্ডে নিজৰ ঘৰুৱা খেলত টেষ্ট শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতক পৰাস্ত কৰিছিল। একে সময়তে ১২ বছৰৰ অন্তত ঘৰুৱা টেষ্ট শৃংখলাত পৰাস্ত হয় ভাৰত।
ইয়াৰ পিছত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়ালৈ যায়। শৃংখলাত জয়ৰে আৰম্ভ হোৱা ভাৰতীয় টেষ্ট শৃংখলাটোৱে পৰৱৰ্তী ৩খন মেচৰ ভিতৰত ২খন খেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু ১খন মেচ ড্ৰ’ হৈছিল।
বছৰৰ শেষৰখন মেচতো দলটোৱে জয়ী হ’ব পৰা নাছিল৷ অৰ্থাৎ ২০২৪-২৫ ছিজনত এই পৰ্যন্ত ৫ খন টেষ্ট মেচত পৰাস্ত হৈছে টীম ইণ্ডিয়া। ইয়াৰ পূৰ্বে ১৯৯৯-২০০০ ছিজনত শচীন টেণ্ডুলকাৰৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৫খন টেষ্ট মেচত পৰাস্ত হৈছিল। এতিয়া ৰোহিতৰ অধিনায়কত্বত টীম ইণ্ডিয়াই অচল অৱস্থা দেখিছে।