ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। ইয়াৰ মাজতে ইণ্ডিয়া টীমৰ এগৰাকী খেলুৱৈ হঠাতে উপস্থিত হয় সংগম চহৰ প্ৰয়াগৰাজত। এই খেলুৱৈগৰাকীয়ে মাজনিশা মহা কুম্ভত মহাস্নান কৰে লগতে ছ’চিয়েল মিডিয়াত সংগমত স্নান কৰা ছবিও পোষ্ট কৰে।
এইগৰাকী হৈছে টীম ইণ্ডিয়াৰ বাহিৰত থকা মায়ংক আগৰৱালাৰ। এই অ’পেনিং বেটছমেনজনে মাজনিশা মহা কুম্ভত স্নান কৰাৰ পিছত অনুৰাগীৰ সৈতে ছবি শ্বেয়াৰ কৰে।
১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা আৰম্ভ হৈছে। ২৬ ফেব্ৰুৱাৰীলৈ অব্যাহত থাকিব মহা কুম্ভ। এতিয়ালৈকে ৪০ কোটিৰো অধিক লোকে এই মহা কুম্ভত মহাস্নান কৰিছে। সেই উপলক্ষে দেশী-বিদেশী কোটি কোটি ভক্তই প্ৰয়াগৰাজত উপস্থিত হৈছে। একে সময়তে ভাৰতীয় ক্ৰিকেটাৰ মায়ংক আগৰৱালাও প্ৰয়াগৰাজত উপস্থিত হয় লগতে ইনষ্টাগ্ৰাম ষ্ট’ৰীত দুখন ছবি শ্বেয়াৰ কৰে।
২০২২ চনৰ পৰা টীম ইণ্ডিয়াৰ বাহিৰত আছে মায়ংক আগৰৱাল। অৱশ্যে তেওঁ অবিৰতভাৱে ঘৰুৱা ক্ৰিকেট খেলি আছে। আই পি এল ২০২৫ৰ নিলামত বিক্ৰী নোহোৱাকৈ থকা মায়ংকে শেহতীয়াকৈ বিজয় হাজাৰে ট্ৰফীত চাৰিটা উজ্জ্বল শতক অৰ্জন কৰে। ইয়াৰ উপৰিও ৩০ জানুৱাৰীত হাৰিয়ানা আৰু কৰ্ণাটকৰ মাজত অনুষ্ঠিত হোৱা খেলখনত কৰ্ণাটকৰ হৈ ৯১ ৰানৰ ইনিংছ খেলে।