আঘাতৰ বাবে যোৱা এবছৰ ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা মহম্মদ ছামীয়ে শেহতীয়াকৈ মধ্যপ্ৰদেশৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী মেচত পুনৰ উভতি আহিছিল, য’ত তেওঁ ৭টা উইকেট দখল কৰি বংগক জয়ৰ দিশে আগুৱাই লৈ গৈছিল। ইয়াৰ পিছতো বিচিচিআইয়ে এতিয়াও ছামীক অষ্ট্ৰেলিয়ালৈ পঠোৱাৰ সিদ্ধান্ত লোৱা নাই।
টীম ইণ্ডিয়া আৰু ইয়াৰ প্ৰতিগৰাকী অনুৰাগীয়ে অপেক্ষা কৰি আছে যে কেতিয়া অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেগী বলাৰ মহম্মদ ছামী অষ্ট্ৰেলিয়ালৈ যাব। সন্তান জন্মৰ বাবে বৰ্তমান পৰিয়ালৰ সৈতে মুম্বাইতে আছে ৰোহিত।
ইফালে আঘাতৰ বাবে এবছৰৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা মহম্মদ ছামীয়েও পাৰ্থ টেষ্টত খেলিব নোৱাৰিব। দ্বিতীয়খন টেষ্টৰ কাৰণে ৰোহিত উভতি অহাটো নিশ্চিত যদিও ছামী কেতিয়া ঘূৰি আহিব সেই সন্দৰ্ভত পৰিস্থিতি স্পষ্ট নহয়। এই কাৰণেই ৰঞ্জী ট্ৰফীত শক্তিশালী প্ৰত্যাৱৰ্তনৰ পিছতো তেওঁক বৰ্তমান অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হোৱা নাই আৰু এতিয়াতো বংগ ক্ৰিকেট দলত ছামীক অন্তৰ্ভুক্ত কৰা হৈছে, য’ত তেওঁক চৈয়দ মুস্তাক আলী ট্ৰফীত খেলা দেখা যাব।
১৮ নৱেম্বৰ সোমবাৰে বংগ ক্ৰিকেট এছ’চিয়েশ্যনে টি-২০ প্ৰতিযোগিতাখনৰ বাবে নিজৰ দল ঘোষণা কৰে, য’ত ৩৫ বছৰীয়া তাৰকা বেগী বলাৰগৰাকীকো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে, ছামীক অষ্ট্ৰেলিয়ালৈ যাবলৈ সময় লাগিব। ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত বংগৰ প্ৰথমখন খেল পঞ্জাৱৰ সৈতে হ’ব। অহা ২৫ নৱেম্বৰত পৰৱৰ্তী মেচ হায়দৰাবাদৰ বিৰুদ্ধে দলটোৱে খেলিব। এনে পৰিস্থিতিত ছামীয়ে এই দুয়োখন মেচ খেলিব পাৰে আৰু তাত তেওঁৰ ফিটনেছ দেখাৰ পিছত তেওঁক অষ্ট্ৰেলিয়ালৈ পঠোৱাৰ সিদ্ধান্ত লোৱা হ’ব পাৰে।
বিগত বৰ্ষত এদিনীয়া বিশ্বকাপৰ সময়ত আঘাতপ্ৰাপ্ত ছামী যোৱা এবছৰ ধৰি খেলপথাৰৰ বাহিৰত আছিল। ফিটনেছৰ ওপৰত সন্দেহৰ বাবে তেওঁ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে নিৰ্বাচিত দলত নিৰ্বাচিত নহ’ল। অৱশ্যে যোৱা সপ্তাহতহে ৰঞ্জী ট্ৰফীত নিজৰ ৰাজ্যিক বংগৰ হৈ খেলপথাৰলৈ উভতি আহিছিল ছামী। মধ্যপ্ৰদেশৰ বিৰুদ্ধে খেলখনত ছামীয়ে প্ৰায় ৪৫ অভাৰত বলিং কৰি ৭টা উইকেট দখল কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। ছামীৰ এই প্ৰদৰ্শনে তেওঁৰ ফিটনেছৰ ওপৰত থকা সন্দেহ দূৰ কৰাই নহয়, এতিয়াও তেওঁ যে তীব্ৰ বলিং কৰাৰ ক্ষমতা কৰা আছে সেই কথাও দেখুৱাই দিয়ে।