ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ খেলিবলৈ ভাৰতীয় ক্ৰিকেট দলটো আজি লীডছত উপস্থিত হয়। এই শৃংখলাটোৰ বাবে ভাৰতীয় দলটোৱে ৬ জুনতেই উপস্থিত হৈছিল ইংলেণ্ডত।
ভাৰত-ইংলেণ্ডৰ মাজত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ অহা ২০ জুনৰ পৰা লীডছত আৰম্ভ হ’ব।
উল্লেখ্য যে, ভাৰতীয় দলটোৱে এতিয়ালৈকে লীডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত ৭খন টেষ্ট মেচ খেলিছে, য’ত ভাৰতীয় দলটোৱে মাত্ৰ ২খন খেলতহে জয়লাভ কৰিছে। এই ষ্টেডিয়ামত ভাৰতীয় দলে ৪খন মেচত পৰাস্ত হৈছে, আৰু এখন মেচ ড্ৰ’ হৈছিল।
লক্ষ্যণীয় কথাটো হ’ল লীডছত খেলা অন্তিম ৩ খন টেষ্ট মেচত ভাৰতীয় দলটোৱে ২ খন জয় হৈছে। ভাৰত আৰু ইংলেণ্ডে শেষবাৰৰ বাবে ইয়াত ২০২১ চনত মুখামুখি হৈছিল, য’ত ইংৰাজ দলটোৱে এটা ইনিংছ আৰু ৭৬ ৰানেৰে বৃহত জয় সাব্যস্ত কৰিছিল।
ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল: শুভমন গিল (অধিনায়ক), ঋষভ পন্ত, যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ঈশ্বৰন, কৰুণ নায়াৰ, নীতিশ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণা, আকাশ দীপ, অৰ্শদীপ সিং আৰু কুলদীপ যাদৱ।