বাংলাদেশৰ বিৰুদ্ধে চলা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচত জয়ী হৈ ভাৰতে শৃংখলাটো ২-০ত দখল কৰে। বৰ্ষাবিঘ্নিত মেচখনৰ প্ৰথম ইনিংছত ৫২ ৰানৰ অগ্ৰগতি লাভ কৰা ভাৰতে মেচখন জয়ী হ’বলৈ মাত্ৰ ৯৫ ৰানৰ লক্ষ্য বান্ধি দিছিল বাংলাদেশে।
কানপুৰৰ গ্ৰীণ পাৰ্কত অনুষ্ঠিত মেচখনৰ পঞ্চম দিনাৰ দ্বিতীয় ছেচনত ভাৰতে ৩টা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্যত উপনীত হয়। বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ শৃংখলাটো জয়ী হোৱাৰ লগে লগে ইতিহাস ৰচিবলৈ সক্ষম হৈছে ভাৰতীয় দলে।
নিজৰ ঘৰৰ মাটিত একেৰাহে সৰ্বাধিক টেষ্ট শৃংখলা জয়ী হোৱাৰ কৃতিত্বৰে ভাৰতীয় দলে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।
২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে ভাৰতে একেৰাহে ১৮টা টেষ্ট শৃংখলা জয়ী হৈ ইতিহাস ৰচিছে। শেষবাৰৰ বাবে ভাৰতে অন্তিমটো টেষ্ট শৃংখলাত পৰাস্ত হৈছিল ২০১২-১৩ চনত। মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইংলেণ্ডৰ হাতত ১-২ ব্যৱধানত শৃংখলাটো পৰাস্ত হৈছিল।